চাকৰিৰ দালালি কৰি গ্ৰেপ্তাৰ হ’ল কুঁহিৰাম ডেকা

author img

By

Published : Sep 14, 2022, 8:10 AM IST

broker of irrigation department

জলসিঞ্চন বিভাগৰ চাকৰিৰ দালালি কাণ্ডৰ মূল মাষ্টৰমাইণ্ড কুঁহিৰাম ডেকাক গ্ৰেপ্তাৰ ৷ দিছপুৰ আৰক্ষীয়ে মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰে কুঁহিৰাম ডেকাক(irrigation department recruitment) ৷ আনহাতে বৰ্তমানেও পলাতক দালালি চক্ৰটোৰ আন দুই মাষ্টাৰমাইণ্ড ৰফিকুল হুছেইন আৰু আজিজুৰ হক (Broker arrested from Mongoldoi)৷

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ: জলসম্পদ বিভাগৰ চাকৰিৰ নামত চলোৱা দালালি কাণ্ডৰ মাষ্টাৰমাইণ্ড কুঁহিৰাম ডেকাক মঙলবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Mastermind of fake recruitment) । দিছপুৰ আৰক্ষীয়ে মঙলদৈত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুঁহিৰাম ডেকাক (Guwahati police raid against Job broker) ৷ কুঁহিৰাম ডেকা মঙলদৈ জলসম্পদ বিভাগৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা ব্যক্তিগত চেটেলাইট চেনেলৰ কলাইগাঁৱৰ সাংবাদিক পিংকু বৰুৱাকো আটক কৰে (Broker detained by Dispur Police) । দুজনকে সম্প্ৰতি দিছপুৰ আৰক্ষী থানাত সোধাপোচা অব্যাহত ৰাখিছে‌ আৰক্ষীয়ে । বৰ্তমানেও পলাতক হৈ আছে চাকৰি দালালি চক্ৰটোৰ আন দুই মাষ্টাৰমাইণ্ড ৰফিকুল হুছেইন আৰু আজিজুৰ হক ।

চাকৰি দালালিকাণ্ডৰ মাষ্টৰমাইণ্ড কুহিৰাম ডেকাক গ্ৰেপ্তাৰ

উল্লেখ্য যে, দেওবাৰে গুৱাহাটীৰ বৰবাৰীৰ ভি আই পি পথৰ জি বি গেষ্ট হাউচৰ পৰা দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাতটা চাকৰিৰ দালালক । ধৃত দালালকেইটা ক্ৰমে কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক, নলবাৰীৰ গোবিন্দ চৌধুৰী, নুৰ ইছলাম আহমেদ, প্ৰাঞ্জল বৰ্মন, বশিষ্ঠৰ জয়ন্ত ডেকা আৰু গোৱালপাৰাৰ জয়ন্ত দাস ।

গেষ্ট হাউচৰ কোঠা ভাড়াতলৈ এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি জলসম্পদ বিভাগৰ মাষ্টাৰৰোলৰ চাকৰিৰ ভুৱা নিযুক্তিৰ বেহা চলাই আহিছিল (Assam recruitment broker) । গেষ্ট হাউচটোৰ কোঠাতেই এই দালাল চক্ৰটোৱে প্ৰস্তুত কৰিছিল ভুৱা নিযুক্তিপত্ৰ । মাষ্টাৰৰোলৰ পদত নিযুক্তি দিয়াৰ নামত ৰফিকুল হুছেইনৰ নেতৃত্বত দালাল চক্ৰটোৱে ৰাজ্যৰ বিভিন্ন স্থানৰ লোকৰ পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকা ।

লগতে পঢ়ক: বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.