বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

author img

By

Published : Sep 12, 2022, 5:09 PM IST

Updated : Sep 12, 2022, 7:09 PM IST

many broker arrested in Guwahati

মহানগৰীত উৎখাত হ’ল জলসম্পদ বিভাগৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলোৱা এটা বৃহৎ চক্ৰ । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৭ অভিযুক্তক (Broker detained by Dispur Police) ৷ বৰ্তমানো পলাতক হৈ আছে চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড তিনি অভিযুক্ত ৷

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : দুৰ্নীতি তথা অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপৰ পাচতো গাত কথা লগা নাই একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ (Operation against corruption) ৷ বৰ্তমানো পলাতক লৈ আছে মহানগৰীৰৰ পৰা উৎখাত হোৱা জলসম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ বেহা চলোৱা চক্ৰটোৰ মূল তিনি মাষ্টাৰ মাইণ্ড (Main mastermind of fake recruitment still at large) ৷ এই তিনি মাষ্টাৰ মাইণ্ডক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান ৷

উল্লেখ্য যে, দেওবাৰে মহানগৰীৰত উৎখাত কৰা হৈছিল জলসম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ বেহা চলোৱা এটা বৃহৎ চক্ৰ । গোপন সূত্ৰৰ পমখেদি দেওবাৰে দিছপুৰ আৰক্ষীয়ে চলাই এই অভিযান ৷ এই অভিযানতে বৰবাৰীৰ জি ডি গেষ্ট হাউচৰ পৰা উৎখাত কৰা হয় এই চক্ৰটোক ।

ইতিমধ্যে আৰক্ষীয়ে ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে (Many broker arrested in Guwahati) ৷ কিন্তু বৰ্তমানো পলাতক হৈ আছে চক্ৰটোৰ মূল তিনি মাষ্টাৰ মাইণ্ড ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ডি চি পি সুধাৰক সিঙে ৷

ডি চি পি সুধাৰক সিঙে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, দেওবাৰে চলোৱা এই অভিযান কালত ধৃত ৭ অভিযুক্তৰ পৰা কম্পিউটাৰ, ভুৱা নিযুক্তি পত্ৰৰ লগতে বহু আপত্তিজনক নথি পত্ৰও জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, অভিযুক্ত কেইটাই প্ৰায় ১৫ দিন ধৰি গেষ্ট হাউচত বহিয়েই ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি আছিল ।

বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

লগতে পঢ়ক : ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে

আনকি বহু লোকৰ পৰা ধন সংগ্ৰহৰ ব্লু প্ৰিন্টো তৈয়াৰ কৰিছিল চক্ৰটোৱে । অৱশ্যে এই অভিযুক্ত কেইটা ২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰে কোনো সম্পৰ্ক নাই ৷ এই মন্তব্য কৰে ডি চি পি সুধাৰক সিঙে ৷ লগতে তেওঁ কয়, অভিযুক্ত কেইটাই ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰাৰ সময়ত বহু চৰকাৰী চিল মোহৰ ব্যৱহাৰ কৰিছিল ৷

ইফালে দেওবাৰে আটক কৰা আটাইকেইটা অভিযুক্তক সোমবাৰে আদালত হাজিৰ কৰোৱা হয় । আটকাধীন কেইটাক ৭ দিনৰ নিজৰ জিম্মাত বিচাৰিছে দিছপুৰ আৰক্ষীয়ে । উল্লেখ্য যে, দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালাল চক্ৰটোত আছে কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক, নলবাৰী গোবিন্দ চৌধুৰী, নলবাৰীৰ নুৰ ইচলাম আহমেদ, বশিষ্ঠৰ জয়ন্ত ডেকা, নলবাৰীৰ প্ৰাঞ্জল বৰ্মণ আৰু গোৱালপাৰাৰ জয়ন্ত দাস ।

লগতে পঢ়ক : নিযুক্তিৰ বাবে তালিকা প্ৰস্তুত কৰি মহানগৰীত আটক দালাল চক্ৰ

Last Updated :Sep 12, 2022, 7:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.