ETV Bharat / state

খ্ৰীষ্টান ধর্ম ত্যাগ কৰি পুনৰ গ্ৰহণ কৰিলে হিন্দু ধৰ্ম : মন্দিৰত বিবাহ সম্পন্ন - Religious Conversion

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:56 PM IST

Religious Conversion : খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্ম গ্ৰহণ এটা পৰিয়ালৰ ৷ হিন্দু ধৰ্মৰ নিয়ম অনুসৰি পুনৰ বিবাহ কাৰ্য সম্পন্ন পুৰোহিতৰ ৷

RELIGIOUS CONVERSION
হিন্দু ধৰ্ম গ্ৰহণ এটা পৰিয়ালৰ (ETV BHARAT ASSAM)

ৰঙাপৰা, 30 মে’ : ৰাজ্যখনত একাংশ লোক ধৰ্মান্তৰিত হৈ থকাৰ সময়ছোৱাত বৃহস্পতিবাৰে এটা পৰিয়ালে খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ এসময়ত ধৰ্মান্তৰিত হোৱা পৰিয়ালটো হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি ৰঙাপৰাৰ বৰভুলি চাহ বাগিচা 16 নং শ্ৰমিক লাইনৰ নিবাসী প্ৰয়াত শ্বৱন হৰ', পত্নী জয়মতী হৰ' আৰু তেখেতৰ ভগ্নী মাৰিয়ম হৰ'ৰ পূৰ্ব পুৰুষ হিন্দু আছিল ৷ পৰিয়ালটো কোনো কাৰণত ধৰ্মান্তৰিত হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল ৷ তাৰ পাচৰে পৰা পৰিয়ালটোৱে খ্ৰীষ্টান ধৰ্মৰ সকলো নিয়ম পালন কৰি অহাৰ লগতে প্ৰয়াত শ্বৱন হৰ'ৰ দুই পুত্ৰই বিবাহ কাৰ্য খ্ৰীষ্টান ধৰ্মৰ নিয়ম অনুসৰিয়েই সম্পন্ন কৰিছিল ৷

খ্ৰীষ্টান ধর্ম ত্যাগ কৰি পুনৰ গ্ৰহণ কৰিলে হিন্দু ধৰ্ম (ETV BHARAT ASSAM)

কিন্তু শ্বৱন হৰ'ৰ মৃত্যুৰ পিচত পৰিয়ালটোৱে পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি আজি মাতৃ জয়মতী হৰ' আৰু তেখেতৰ দুই পুত্ৰ ক্ৰমে জন হৰ', আবেদ হৰ'ই হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ তদুপৰি জন হৰ'ৰ পত্নী দিপালী হৰ' আৰু আবেদ হৰ'ৰ পত্নী অনু হৰ'ই হিন্দু ধর্ম গ্ৰহণ কৰে ৷ ইফালে পুৱা 10 বজাত বৰজুলিৰ পৰিয়ালটো পৰাচিত হোৱাৰ উদ্দেশ্যৰে পুৰোহিতক লগত লৈ গাভৰু নদীৰ পাৰত উপস্থিত হয় ৷ হিন্দু ধর্মীয় ৰীতি-নীতিৰে সাতজনীয়া পৰিয়ালটোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ বাজুলিৰ জিতেন পণ্ডিত নামৰ পুৰোহিতজনে গাভৰু নৈৰ পাৰত পূজা-অৰ্চনা, হোম-যজ্ঞ অনুষ্ঠিত কৰি আৰু মন্ত্ৰ উচ্চাৰণৰে পৰিয়ালটোক হিন্দু ধৰ্মত দীক্ষিত কৰায় ৷

ইয়াৰ পাচত বৰজুলিৰ হাটখোলাত থকা লক্ষীনাৰায়ণ মন্দিৰত পুৰোহিতে জয়মতী হৰ'ৰ দুয়োজন পুত্ৰ আৰু বোৱাৰীক পুনৰ হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি বিবাহকার্য সম্পন্ন কৰে ৷ হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাচত জন হৰ' আৰু আবেদ হৰ'ই সংবাদ মাধ্যমৰ আগত কয় যে 'আজিৰে পৰা আমি হিন্দু ধৰ্ম গ্ৰহণ কৰিলো ৷ পূৰ্বতে আমাৰ পিতৃ-মাতৃয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল যদিও আজি স্ব-ইচ্ছাৰে হিন্দু ধর্ম গ্ৰহণ কৰিলো ৷ দুয়োজনৰ বিবাহকার্য পুৰোহিতে হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি সম্পন্ন কৰি দিয়ে ৷ আজি আমাৰ পৰিয়ালটো সঁচাকৈয়ে আনন্দিত হৈ পৰিছো ৷' উল্লেখ্য যে ৰাজ্যখনৰ একাংশ ঠাইত বহু লোকে হিন্দু ধৰ্ম এৰি অন্য ধর্ম গ্ৰহণ কৰি অহাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে ৷

লগতে পঢ়ক : জেঠমহীয়া নামৰ বুটমাহ খাই এটি শিশুৰ মৃত্যু: অসুস্থ 50 তকৈ অধিক - Food Poisoning At Dakshin Kamrup

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.