ETV Bharat / state

অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক

author img

By

Published : Sep 14, 2022, 7:37 AM IST

অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা আঞ্চলিক সমিতিসমূহৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (CM meeting at janata bhawan) । ১৫ ছেপ্তেম্বৰৰ পাছত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হ'ব । সেই বৈঠকতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আলোচনা কৰি মেঘালয়ৰ দৰে বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব (Assam Arunachal Pradesh border dispute) ।

cm meeting at janata bhawan on assam arunachal pradesh border dispute
অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা আঞ্চলিক সমিতিসমূহৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,১৩ ছেপ্তেম্বৰ: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে থকা সীমা বিবাদ দূৰ কৰাৰ বাবে গ্ৰহণ কৰি অহা পদক্ষেপসমূহৰ অংশ হিচাপে মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা এক বৈঠকত মিলিত হয় (CM meeting at janata bhawan) । অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা আঞ্চলিক সমিতিসমূহৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্রী (Assam Arunachal pradesh border dispute) ।

দুয়ো ৰাজ্যৰ মাজত সীমা সংঘাত চিৰদিনৰ বাবে নিষ্পত্তি কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাক গতি প্ৰদান কৰিবলৈ আঞ্চলিক সমিতিসমূহৰ পৰ্যৱেক্ষণৰ প্ৰতিক্ৰিয়া সম্পৰ্কে বৈঠকত বুজ লয় মুখ্যমন্ত্রী শৰ্মাই । উল্লেখ্য যে, মেঘালয়ৰ দৰে অসম আৰু অৰুণাচলৰ সীমা বিবাদ দূৰ কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে ইতিমধ্যে উদ্যোগ গ্ৰহণ কৰিছে (Assam and Meghalaya border dispute) । এই সন্দৰ্ভত ১৫ ছেপ্তেম্বৰৰ পাছত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হ'ব ।

সেই বৈঠকতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আলোচনা কৰি মেঘালয়ৰ দৰে বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব (Meeting between Assam and Arunachal Pradesh CM) । শেহতীয়াভাৱে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত ১২ খন আঞ্চলিক সমিতিৰ অধ্যক্ষ, ৮ জিলাৰ অভিভাৱক মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল ।

বৈঠকত অসম-অৰুণাচলৰ সীমা বিবাদ সম্পৰ্কত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰ্যায়ত ১৫ জুলাইত হৈ যোৱা বৈঠকৰ 'নামচাই ঘোষণা পত্র' সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হৈছিল (CM level meeting will be held over border dispute) । অসম-অৰুণাচল সীমা বিবাদ সন্দৰ্ভত ইতিমধ্যে দুটা পৰ্যায়ত বৈঠক অনুষ্ঠিত হৈছে (Assam and Arunachal CM meeting over border dispute) । ১৫ জুলাইত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত হোৱা আলোচনাত 'নামচাই ঘোষণা পত্র' স্বাক্ষৰিত হৈছিল ।

cm meeting at janata bhawan on assam arunachal pradesh border dispute
অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক

অৰুণাচলৰ লগত ৮০০ কিলোমিটাৰ এলেকাক লৈ বিবাদ আছে । ইতিমধ্যে দুয়োখন ৰাজ্যই ১২ খনকৈ আঞ্চলিক সমিতি গঠন কৰিছে । এই সমিতি কেইখনে যুটীয়াভাৱে সংশ্লিষ্ট বিবাদমান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব । দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি কেইখনে সংশ্লিষ্ট বিবাদমান এলেকা পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক প্ৰতিবেদন দাখিল কৰিব ।

ইয়াৰ পাছতে সেই প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰ‍াজ্যৰ মুখ্যমন্ত্রী আলোচনাত মিলিত হ'ব আৰু বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । বৰ্তমান অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱকলৈ বিবাদ চলি থকা দেখা যায় । গতিকে ৮৬ খন গাঁৱৰ ৰাইজৰ মতামত গ্ৰহণ কৰাৰ লগতে ভৌগোলিক দিশো পৰ্যবেক্ষণ কৰা হ'ব ।

যুটীয়া পৰিদৰ্শনৰ অন্তত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিতে সিদ্ধান্ত গ্ৰহণ কৰিব দুই ৰাজ্যৰ মুখ্যমন্ত্রীয়ে । মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা বৈঠকত মন্ত্রী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংঘাল, সঞ্জয় কিষাণ আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে অসম চৰকাৰৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: গেষ্ট হাউছত চাকৰিৰ মুকলি বেহা কৰা আৰু এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.