ETV Bharat / state

বিজেপি যুৱ মৰ্চাৰ পূৱ জোনাই মণ্ডলৰ সভাপতি নিৰ্বাচিত সন্তোষ বৰগোঁহাই

author img

By

Published : Sep 14, 2022, 10:46 AM IST

New president of BJP Yuva Morcha East Jonai mandal
সন্তোষ বৰগোঁহাই BJP যুৱ মৰ্চাৰ পূৱ জোনাই মণ্ডলৰ নৱ নিৰ্বাচিত সভাপতি

ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ পূৱ জোনাই মণ্ডলৰ সভাপতি নিযুক্তি । সন্তোষ বুঢ়াগোহাঁইক সভাপতি হিচাপে নিযুক্তি দিয়ে BJP ধেমাজি জিলা সভাপতি প্ৰেম দত্ত, জিলা প্ৰভাৰী ত্ৰিদিবজ্যোতি মৰাণে (New president of BJP Yuva Morcha East Jonai mandal) ।

জোনাই, ১৩ ছেপ্টেম্বৰ: বিজেপি ধেমাজি জিলা সভাপতি প্ৰেম দত্ত, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধেমাজি জিলা প্ৰভাৰী ত্ৰিদিবজ্যোতি মৰাণ আৰু ভাৰতীয় জনতা যুৱ মৰ্চা ধেমাজি জিলা সভাপতি পুলক চুতীয়াৰ অনুমোদনত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ পুৱ জোনাই মণ্ডলৰ সভাপতি হিচাপে ১২ ছেপ্টেম্বৰ তাৰিখে সন্তোষ বুঢ়াগোহাঁইক নিযুক্তি প্ৰদান কৰে (New president of BJP Yuva Morcha East Jonai mandal) ।

উক্ত নিযুক্তি পত্ৰত স্বাক্ষৰ কৰে ধেমাজি জিলা কমিটিৰ ভাৰতীয় জনতা যুৱ মৰ্চা সাধাৰণ সম্পাদক নৱজিৎ কোঁৱৰে ৷ ইয়াৰ পাছতেই মঙলবাৰে ভাৰতীয় জনতা যুৱ মৰ্চা, পূৱ জোনাই মণ্ডলৰ নৱ নিৰ্বাচিত সভাপতি সন্তোষ বৰগোঁহাইয়ে জোনাইস্থিত বিজেপিৰ নিজা কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে(BJP press conference in Jonai) ।

সন্তোষ বৰগোঁহাই BJP যুৱ মৰ্চাৰ পূৱ জোনাই মণ্ডলৰ নৱ নিৰ্বাচিত সভাপতি

বিজেপিৰ ধেমাজি জিলা আৰু পূৱ জোনাই সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰি পূৱ জোনাই মণ্ডলত আগন্তুক দলৰ হৈ কৰিবলগীয়া কাৰ্যসূচী সমূহ চলাই নিয়াৰ কথা উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

লগতে ১৭ ছেপ্টেম্বৰ পৰা ২ অক্টোবৰলৈকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিন পালন (Prime Minister Narendra Modi birthday), ৰক্ত দান শিবিৰ , বিনামূলীয়া স্বাস্থ্য শিবিৰকে ধৰি যথেষ্ট কৰণীয় কাম আছে গতিকে দলৰ যুৱ শক্তিৰ নেতৃত্বই লৈ দলৰ সকলো কৰ্মকৰ্তাৰ সহায় সহযোগিতাত কম সমূহ সুচাৰুৰূপে কৰি যাব বুলি সংবাদমেল যোগে সদৰী কৰে ।

লগতে পঢ়ক: এফালে খৰাং; আনফালে মজাপোকে তহিলং কৰিছে খেতি পথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.