KFC ৰ বাৰ্গাৰত হাতমোজা: খাদ্য সুৰক্ষা বিভাগৰ জাননী জাৰি

author img

By

Published : Sep 14, 2022, 7:43 AM IST

Updated : Sep 14, 2022, 8:02 AM IST

food safety department notice issued for kfc

KFC খাদ্য প্ৰিয় যদি সাৱধান হওক । কাৰণ আপোনাৰ প্ৰিয় বাৰ্গাৰ অথবা পিজ্জাৰ সৈতে সোমাই আহিব পাৰে হেণ্ড গ্লভছ অথবা মাস্ক । ইতিমধ্যে এগৰাকী গ্ৰাহকৰ এনে অভিযোগৰ ভিত্তিত খাদ্য সুৰক্ষা বিভাগে এখন KFC চিকেন ৰেষ্টুৰেন্টলৈ জাননী জাৰি কৰিছে (Food Safety Department notice to KFC Restaurant) ।

নেশ্যনেল ডেস্ক,১৩ ছেপ্টেম্বৰ: সকলোৰে প্ৰিয় KFC লৈ খাদ্য সুৰক্ষা বিভাগৰ জাননী জাৰি । এটা বাৰ্গাৰত এজোৰ হাতমোজা ওলোৱা বুলি এগৰাকী গ্ৰাহকে কৰা অভিযোগৰ ভিত্তিত খাদ্যসুৰক্ষা বিভাগে জাৰি কৰিছে জাননী । এই ঘটনা সংঘটিত হৈছে পুডুচেৰীত । পুডুচেৰীৰ এখন KFC ৰেষ্টুৰেণ্টলৈ খাদ্য সুৰক্ষা বিভাগে জাননী জাৰি কৰিছে (Food Safety Department notice to KFC Restaurant) ।

ঘটনা অনুসৰি পুডুচেৰীৰ দিনদিভানামৰ ডেভিদ নামৰ লোকজনে পুডুচেৰীৰ এখন KFC চিকেন ৰেষ্টুৰেণ্টত এটা বাৰ্গাৰ অৰ্ডাৰ দিছিল । ১৩ ছেপ্টেম্বৰৰ দিনা দিয়া অৰ্ডাৰটো খুলি চাই তেওঁলোক হতভম্ব হৈ পৰে । কিয়নো বাৰ্গাটোৰ ভিতৰত ৰন্ধনৰ বাবে ব্যৱহৃত এপাত হাতমোজা উদ্ধাৰ কৰে (Plastic glove in burger at KCF) ।

food safety department notice issued for kfc
KFC ৰ বাৰ্গাৰত হাতমোজাঃ খাদ্য সুৰক্ষা বিভাগৰ জাাননী জাৰি

এই বিষয়ে যুৱকজনে KFC ৰ কৰ্মচাৰীসকলক জনোৱাৰ পিছত, কৰ্মচাৰীসকলে ক্ষমা বিচাৰিছিল আৰু পুনৰ বেলেগ এটা বাৰ্গাৰ তেওঁক দিব খুজিছিল যদিও ডেভিদে অস্বীকাৰ কৰে । বিপৰীতে ভিল্লুপুৰম খাদ্য সুৰক্ষা বিভাগত এটা ভিডিঅ'সহ অভিযোগ দাখিল কৰে (Villupuram Food Safety Department) । এই সন্দৰ্ভত, খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে এসপ্তাহৰ ভিতৰত এই ঘটনাৰ কাৰণ দৰ্শাবলৈ KFC ৰেষ্টুৰেণ্টখনলৈ এখন জাননী প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: অগপৰ মুখ্য কাৰ্যালয়ত অসম কৃষক পৰিষদৰ সাধাৰণ সভা

Last Updated :Sep 14, 2022, 8:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.