ETV Bharat / state

অগপৰ মুখ্য কাৰ্যালয়ত অসম কৃষক পৰিষদৰ সাধাৰণ সভা

author img

By

Published : Sep 13, 2022, 10:45 PM IST

Updated : Sep 13, 2022, 10:56 PM IST

minister atul bora at general body meeting
অগপৰ মুখ্য কাৰ্যালয়ত অসম কৃষক পৰিষদৰ সাধাৰণ সভা

অগপৰ মুখ্য কাৰ্যালয়ত অসম কৃষক পৰিষদৰ সাধাৰণ সভাত মন্ত্রী অতুল বৰা । ৰাজ্যখনৰ কৃষকসকলৰ পৰিশ্ৰম আৰু চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে বিগত দিনসমূহত কৃষি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকলক উপকৃত কৰিব পৰাকৈ বিভিন্ন আচঁনি গ্ৰহণ কৰিছে(Minister Atul Bora at the AGP party office in Ambari) ।

গুৱাহাটী, ১৩ চেপ্তেম্বৰ: অগপৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ(Asom Kisan Parishad) মঙলবাৰে অনুষ্ঠিত সাধাৰণ সভাই নিৰ্দিষ্ট কৰ্মসূচীৰ আধাৰত অগপ দলক সৰ্বস্তৰতে শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে(Resolve to strengthen AGP party at all levels)। লগতে কৃষকসকলৰ বাবে জনকল্যাণমূলক কাৰ্য্যসূচীৰ জৰিয়তে কৃষকসকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ দায়বদ্ধতাৰ কথা দোহাৰে অসম কৃষক পৰিষদে ।

minister atul bora at general body meeting
আমবাৰীস্থ অগপ দলৰ কাৰ্য্যালয়ত বিভিন্ন জিলাৰ কৃষকৰ উপস্থিতিত অনুষ্ঠিত এখনি সভা

গুৱাহাটীৰ আমবাৰীস্থ অগপ দলৰ কাৰ্যালয়ত বিভিন্ন জিলাৰ কৃষকৰ উপস্থিতিত অনুষ্ঠিত এই সভাত উপস্থিত থাকি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই(AGP President Atul Bora) কয় যে ৰাজ্যখনৰ কৃষকসকলৰ পৰিশ্ৰম আৰু চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে বিগত দিনসমূহত কৃষি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে(Minister Atul Bora at the AGP party office in Ambari) । কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকলক উপকৃত কৰিব পৰাকৈ বিভিন্ন আচঁনি গ্ৰহণ কৰিছে ।

minister atul bora at general body meeting
ৰাজ্যখনৰ কৃষকসকল উপকৃত হৈছে আৰু ৰাজ্যখনৰ উৎপাদন বৃদ্ধি পাইছে বুলি মন্তব্য অতুল বৰাৰ

ফলত ৰাজ্যখনৰ কৃষকসকল উপকৃত হৈছে আৰু ৰাজ্যখনৰ উৎপাদন বৃদ্ধি পাইছে । ৰাজ্যখনক অৰ্থনৈতিকভাৱে স্বাৱলম্বীকৰণত কৃষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি কৰি চৰকাৰী আচঁনিৰ সুবিধাসমূহ সহজভাৱে লাভ কৰিব পাৰে তাৰ বাবে কৃষক পৰিষদে সক্ৰিয়তাৰে কাম কৰা উচিত । বৰাই লগতে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষক পৰিষদে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে ।

minister atul bora at general body meeting
কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষক পৰিষদে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা অতুল বৰাৰ

সভাত সভাপতিত্ব কৰে দলৰ সাধাৰণ সম্পাদক তথা কৃষক পৰিষদৰ তত্বাৱধায়ক ডাঃ কমলাকান্ত কলিতাই । সভাত দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, বিমলেন্দু সিংহ, উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ডাঃ তাৰাপ্ৰসাদ দাস, ড৹ ৰঞ্জিত ডেকা, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত, সম্পাদক প্ৰচাৰ ড৹ তপন দাস প্ৰমুখ্যে বহু সংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে ।

সভাত দুইশতাধিক বিভিন্ন অঞ্চলৰ কৃষকে অসম গণ পৰিষদ দলত যোগদান কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই ।

লগতে পঢ়ক: ভিক্টৰ দাস ৰাজনীতিৰ মেৰপেচত সোমোৱাৰ আশংকা মাতৃৰ

Last Updated :Sep 13, 2022, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.