অসম

assam

মিথুনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল পলক মুচ্ছল

By

Published : Nov 7, 2022, 11:29 AM IST

গায়িকা পলক মুচ্ছল দেওবাৰে মুম্বাইত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক সংগীত ৰচয়িতা মিথুন শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় (Palak Muchhal Mithoon) । বিবাহৰ অনুষ্ঠানটোত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ লগতে ঘনিষ্ঠ বন্ধুবৰ্গও উপস্থিত আছিল ।

Palak MuchhaPalak Muchhall
মিথুনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল পলক মুচ্ছল

চিটাৰা ডেস্ক, 7 নৱেম্বৰ :দেওবাৰে মুম্বাইত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত দীৰ্ঘদিনীয়া প্ৰেমিক সংগীত শিল্পী মিথুন শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয় গায়িকা পলক মুচ্ছল । গায়িকা পলক মুচ্ছল আৰু মিথুন শৰ্মাৰ বিবাহ অনুষ্ঠানত বহু চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰে । দেওবাৰে নিশা মিথুন শৰ্মা আৰু পলক মুচ্ছলক সংবাদ মাধ্যমে উষ্ম আদৰণি জনায় ।

বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত মনোৰঞ্জন ক্ষেত্ৰখনৰ কেইবা গৰাকী বন্ধু-বান্ধৱীয়ে দুয়োকে যুগ্ম জীৱনৰ শুভেচ্ছা যাচে ৷ পলক আৰু মিথুনে মুম্বাইত বিয়া আৰু অভ্যৰ্থনা দুয়োটা অনুষ্ঠানতে ৰঙা সাজ বাছি লৈছিল । পলকে ৰঙা লেহেংগা পিন্ধাৰ বিপৰীতে মিথুনে বেইজ ৰঙৰ শ্বেৰৱানী পিন্ধিছিল । সংগীত জগতৰ প্ৰায় সকলো তাৰকাই উপস্থিত থাকে অভ্যৰ্থনা অনুষ্ঠানত । চনু নিগম, কৈলাশ খেৰ, ৰশ্মী দেশাইকে ধৰি বহু চেলেব্ৰিটীয়েও পৰম্পৰাগত সাজ পৰিধান কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

মিথুনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল পলক মুচ্ছল

ৰুবিনা দিলাইক আৰু অভিনৱ শুক্লাক পলক আৰু মিথুনৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত একেলগে প’জ দিয়া দেখা গৈছিল । ৰশ্মি দেশাইৰ আগমনৰ লগে লগে সকলোৰে চকু তেওঁৰ ওপৰতে নিৱদ্ধ হৈ পৰে । ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক তথা সংগীত প্ৰযোজক ভূষণ কুমাৰো তেওঁৰ পৰিয়াল আৰু তেওঁৰ ভগ্নী গায়িকা তুলসী কুমাৰৰ সৈতে উপস্থিত থাকে ।

কন্ঠশিল্পী আৰমান মালিকক মাতৃ জ্যোতি মালিক আৰু পিতৃ ডাবু মালিকৰ সৈতে আনন্দৰে প’জ দিয়া দেখা গ’ল । প্লেবেক গায়ক জাভেদ আলীক তেওঁৰ পত্নী ইয়াছমিন আলী আৰু পুত্ৰ আতিফ আলীৰ সৈতে সভাস্থলীত দেখা গৈছিল । কিংবদন্তি সংগীত সুৰকাৰ কৈলাশ খেৰ, সংগীত পৰিচালক তথা গায়ক চনু নিগমে দম্পতীহালক শুভেচ্ছা জনাই পাপাৰাজ্জীৰ বাবে প’জ দিয়ে । টেলিভিছন জগতৰ অভিনেতা পাৰ্থ সামথান ক’লা সাজ-পোছাক পিন্ধি বিয়াৰ অভ্যৰ্থনাত উপস্থিত হয় ।

পলক মুচ্ছল আৰু মিথুন শৰ্মাৰ বিবাহ অনুষ্ঠান

ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাকো অভ্যৰ্থনা অনুষ্ঠানত দেখা গৈছিল ৷ গায়িকা-গীতিকাৰ নীতি মোহনে স্বামী নিহাৰ পাণ্ড্যাৰ সৈতে বিবাহ অনুষ্ঠানত উপস্থিত হয় ৷ বলীউডৰ ডিভা ডেইজী শ্বাহো আহে দুয়োকে বৈবাহিক জীৱনৰ শুভেচ্ছা যাচিবলৈ । পত্নী ৰাধিকা মুখাৰ্জীৰ সৈতে ক’লা সাজ পৰিধান কৰি অনুষ্ঠানস্থলীত উপস্থিত হয় জনপ্ৰিয়ভাৱে শ্বান নামেৰে পৰিচিত সংগীত শিল্পী শান্তনু মুখাৰ্জী ।

পদ্মভূষণ বঁটা বিজয়ী কণ্ঠশিল্পী উদিত নাৰায়ণৰ লগতে তেওঁৰ পুত্ৰ কণ্ঠশিল্পী আদিত্য নাৰায়ণ, পত্নী দীপা নাৰায়ণ আৰু বোৱাৰী তথা অভিনেত্ৰী স্বেতা আগৰৱালাক অভ্যৰ্থনা অনুষ্ঠানত দেখা গ’ল । বলীউডৰ এগৰাকী সুপৰিচিত কণ্ঠশিল্পী পলক, ‘চাহুন মে য়া না, ধোকা দাঢ়ি, ফটোকপি, জুমে কি ৰাত, প্ৰেম ৰতন ধন পায়োকে ধৰি বহু বিখ্যাত গীতত কণ্ঠদান কৰিছে (Palak Muchhal songs) । আনহাতে মিথুনে দ্য ট্ৰেইন, অগৰ, লামহা, জিছম 2, আশ্বিকী 2, এক ভিলেইন, চনম ৰে আদি ছবিৰ বাবে সংগীত ৰচনা কৰিছে ।

লগতে পঢ়ক :Varun Dhawan diagnosed with Vestibular Hypofunction: বৰুণ ধৱনৰ ভেষ্টিবুলাৰ হাইপ’ফাংচন ৰোগ ধৰা পৰিছে

ABOUT THE AUTHOR

...view details