ETV Bharat / entertainment

Varun Dhawan diagnosed with Vestibular Hypofunction: বৰুণ ধৱনৰ ভেষ্টিবুলাৰ হাইপ’ফাংচন ৰোগ ধৰা পৰিছে

author img

By

Published : Nov 5, 2022, 8:27 PM IST

বলীউডৰ অভিনেতা বৰুণ ধৱন এক অদ্ভূত ৰোগৰ বলি হৈছে । অভিনেতাজনে কৈছে যে তেওঁ সম্পূৰ্ণৰূপে ভাৰসাম্য হেৰুৱাই পেলাইছে । সবিশেষ আগলৈ-

Varun Dhawan
বৰুণ ধৱনৰ ভেষ্টিবুলাৰ হাইপ’ফাংচন ৰোগ ধৰা পৰিছে

চিটাৰা ডেস্ক, 5 নৱেম্বৰ : বলীউড অভিনেতা বৰুণ ধৱন নিজৰ ধেমেলীয়া ব্য়ৱহাৰৰ বাবে অতি জনপ্ৰিয় । ছবিত তেওঁ শিশু সুলভ অভিনয়েৰে যথেষ্ট আমোদ দিয়ে ৷ বলীউডৰ এই ফিট অভিনেতা গৰাকীক লৈ এক চাঞ্চল্যকৰ খবৰ ওলাইছে । আচলতে বৰুণ ধৱনে কৈছে তেওঁৰ ‘ভেষ্টিবুলাৰ হাইপ’ফাংচন’ নামৰ ৰোগ এটা হৈছিল । এই ৰোগত তেওঁ তেওঁৰ ভাৰসাম্য হেৰুৱাই পেলাইছিল । বৰুণে কৈছে যে বহু দিন ধৰি তেওঁ জনাই নাছিল যে তেওঁৰ আচলতে কি হৈছে । বর্তমান তেওঁ নিজৰ ছবি ‘ভেড়িয়া’ৰ প্রচাৰত ব্যস্ত ৷

বৰুণ ধৱনে শ্বেয়াৰ কৰিছে ভেষ্টিবুলাৰ হাইপ’ফাংচন নামৰ ৰোগত আক্ৰান্ত হোৱাৰ কথা । এই ৰোগত ব্যক্তি এজনে শৰীৰৰ ভাৰসাম্য হেৰুৱাই পেলায় । তেওঁ লগতে আৰু কৈছে যে মহামাৰীৰ পিছত যেতিয়া পৰিৱেশ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছিল তেতিয়া বৰুণে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই পৰিবেশত তেওঁ নিজৰ ওপৰত কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু পেছাদাৰীভাৱে কাম কৰিবলৈ তেওঁ এনে কৰিব লগা হৈছিল । তাৰ পিছত অভিনেতাজনে অনিচ্ছা সত্বেও কামৰ পৰা বিৰতি ল’ব লগা হয় । বৰুণে কয়, ‘মই নাজানিছিলো যে মোৰ Vestibular Hypofunction হৈছে, কিন্তু মই অবিৰতভাৱে কাম কৰি আছিলো । মোৰ ওপৰত এক বেলেগ ধৰণৰ হেঁচা আহিছিল । এনে পৰিস্থিতিত মই বুজিব পৰা নাছিলো দৰাচলতে মোৰ লগত হৈছে কি ?

ভেষ্টিবুলাৰ হাইপ’ফাংচন কি?

ভেষ্টিবুলাৰ হাইপ’ফংচন কাণৰ লগত জড়িত এক গুৰুতৰ ৰোগ, য’ত কাণৰ ভিতৰৰ অংশত মাৰাত্মক প্ৰভাৱ পৰে । ইয়াৰ বাবে আপোনাৰ মগজু আৰু কাণৰ মাজত সৃষ্টি হোৱা ভাৰসাম্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে । এই ৰোগত যিকোনো কোৱা কথাই কাণ আৰু মগজুৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে ।

বৰুণ ধৱনক তেওঁৰ পৰৱৰ্তী ছবি ভেড়িয়াত এক অন্য ৰূপত দেখিবলৈ পোৱা যাব । এই ছবিখনৰ ট্ৰেইলাৰে ইতিমধ্যে দৰ্শকৰ পৰা সঁহাৰি লাভ কৰিছে ৷ বৰুণৰ অনুৰাগীসকলে প্ৰশংসা কৰিছে তেওঁৰ অভিনয়ক আৰু এতিয়া তেওঁলোকে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ছবিখন অহা 25 ডিচেম্বৰত মুক্তি লাভ কৰিব । বৰুণ ধৱনক ‘বৱাল’ ছবিখনতো দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : AMCH Maharajat Jayanti: AMCH ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত পাপনৰ সংগীতানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.