অসম

assam

Demand for Repeal AFSPA: আফস্পা বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত

By

Published : Dec 10, 2021, 10:39 PM IST

মহানগৰীৰ পৰাগ কুমাৰ দাস সমাধিক্ষেত্ৰত শুক্ৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হয় ৷ কেইবাটাও গণ-সংগঠন, ছাত্ৰ সংগঠনে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীটোত নাগালেণ্ডত ভাৰতীয় সেনাই কৰা আক্ৰমণক নিন্দা কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন বাতিল(Repeal of AFSPA)ৰ দাবী জনায় ৷

আফস্পা বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত
আফস্পা বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত

গুৱাহাটী,১০ ডিচেম্বৰ:আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস(Human Rights Day) উপলক্ষে আজি কেইবাটাও গণ-সংগঠন, ছাত্ৰ সংগঠনে গুৱাহাটী মহানগৰীৰ পৰাগ কুমাৰ দাস সমাধিক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰীসকলে নাগালেণ্ডত ভাৰতীয় সেনাই হত্যা কৰা নিৰীহ শ্ৰমিকৰ ন্যায়ৰ লগতে সামৰিক বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবী জনায় ৷ প্ৰতিবাদস্থলীত গুৱাহাটী ইষ্টাৰ্ণ নগালেণ্ড ষ্টুডেন্ট ইউনিয়ন(Eastern Nagaland students union)ৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে । নগা ছাত্ৰনেতা এল এইচ কুলু আৰু এম বংলিফ'মে প্ৰতিবাদত অংশ লৈ শ্ৰমিক হত্যাক তীব্ৰ নিন্দা কৰাৰ লগতে আফস্পা(Armed Forces Special powers Act AFSPA) প্ৰয়োগেৰে উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিকক দমনমূলক অত্যাচাৰ চলাইছে বুলি মন্তব্য কৰে । সেয়ে মানৱ অধিকাৰ উলংঘাৰ কৰা এই আইন বাতিলৰ দাবী জনায় নগা ছাত্ৰনেতা দুজনে ।

প্ৰতিবাদকাৰীসকলে শ্ৰমিক হত্যাৰ ন্যায়, আফস্পা বাতিল আৰু মানৱ অধিকাৰ উলংঘা কৰা উচ্ছেদ কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি উচ্ছেদিত পৰিয়ালক ভূমি অধিকাৰ প্ৰদানৰ বাবে দাবী জনায় । প্ৰতিবাদস্থলীত গণশিল্পী হুমায়ুন চৌধুৰীয়ে সংগীত পৰিৱেশন কৰে ।

লগতে পঢ়ক:Nagaland killing: নাগালেণ্ডৰ ঘটনাৰ তথ্য প্ৰমাণ বিচাৰি ৰাইজক কি অনুৰোধ জনালে SIT য়ে ?

ABOUT THE AUTHOR

...view details