ETV Bharat / bharat

Nagaland killing: নাগালেণ্ডৰ ঘটনাৰ তথ্য প্ৰমাণ বিচাৰি ৰাইজক কি অনুৰোধ জনালে SIT য়ে ?

author img

By

Published : Dec 9, 2021, 10:02 PM IST

nagaland-killing-sit-begins-probe-seeks-information-from-people
নাগালেণ্ডৰ ঘটনাৰ তথ্য প্ৰমাণ বিচাৰি ৰাইজক কি অনুৰোধ জনালে SIT য়ে ?

বিশেষ অনুসন্ধানকাৰী দলে নাগালেণ্ডৰ অটিঙত নীৰিহ নগালোকৰ শোকাৱহ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে(SIT started their investigation on Oting massacre) ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত অনুসন্ধানকাৰী দলে ৰাইজক ঘটনাৰ সৈতে জড়িত তথ্য প্ৰমাণ থাকিলে তদন্তৰ খাতিৰত প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে ৷

নিউজ ডেস্ক, 9 ডিচেম্বৰ : নাগালেণ্ডৰ অটিঙত নীৰিহ নগালোকৰ হত্যাকাণ্ড(Ambush on civilians in Nagaland)ৰ চাৰি দিনৰ পিছতে বিশেষ অনুসন্ধানকাৰী দলে (এছআইটি) তদন্ত আৰম্ভ কৰিছে ৷ ঘটনা সন্দৰ্ভত ৰাইজৰ ওচৰত থকা যিকোনো তথ্য প্ৰকাশ কৰিবৈল অনুসন্ধানকাৰী দলে ৰাইজক আহ্বান জনাইছে(SIT seeks information from people ) । নাগালেণ্ড আৰক্ষীৰ আৰক্ষী অধীক্ষক (অপৰাধ) মনোজ কুমাৰে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে, তথ্যবোৰ ফোন কল বা হোৱাটছএপ মেচেজৰ জৰিয়তে +91 6009803048 বা otingsit@gmail.com ই-মেইলযোগে share কৰিব পৰা যাব ৷ তেওঁ খবৰদাতাৰ পৰিচয় গোপনে ৰখা হ'ব বুলিও কথা দিয়ে ।

কুমাৰে বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত কয়, "প্ৰাথমিক উৎসৰ পৰা ফটো, ভিডিঅ', সন্দেহজনক কাৰ্যকলাপ বা ঘটনাটোৰ সৈতে সম্পৰ্কিত আন যিকোনো তথ্যৰ লগত থকা যিকোনো ব্যক্তিয়ে অনুগ্ৰহ কৰি আৰক্ষীৰ তদন্তৰ স্বাৰ্থত ইয়াক প্ৰকাশ কৰিব পাৰে ।" ৰেকৰ্ড কৰা অডিঅ'/ভিডিঅ'/ডকুমেণ্টখন উপযুক্ত আইনী প্ৰক্ৰিয়া অনুসৰণ কৰাৰ পিছত উৎসৰ পৰা সংগ্ৰহ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

ম্যানমাৰৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ মন জিলাৰ তিৰু আৰু অটিঙৰ মাজত শনিবাৰে সন্ধিয়া (৪ ডিচেম্বৰ) অসম ৰাইফলছৰ পেৰা ট্ৰুপাৰসকলৰ অভিযানত কমেও ১৭ জন লোক নিহত হয় । সুৰক্ষা বাহিনীয়ে জানিবলৈ দিছিল যে, তেওঁলোকে অঞ্চলটোত উগ্ৰপন্থীৰ চলাচলৰ বিষয়ে লাভ কৰা গোপন খবৰৰ ওপৰত ভিত্তি কৰি অভিযানটো চলাইছিল ।

অৱশ্যে, পিছত এই ঘটনাত নিহত হোৱা আটাইকেইজন লোক সাধাৰণ নাগৰিক হিচাপে পৰিগণিত হৈছিল ৷ আনহাতে, স্থানীয় গাওঁবাসীৰ প্ৰতিশোধমূলক আক্ৰমণত এজন সুৰক্ষা বাহিনীৰ জোৱানো নিহত হৈছিল । ঘটনাটোৰ পিছত অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছিল(Tension grips Nagaland) আৰু স্থানীয় লোকে আছাম ৰাইফলছৰ কিছুমান বাহনত অগ্নি সংযোগ কৰিছিল আৰু পিছদিনা এচামে নিৰাপত্তা বাহিনীৰ এটা শিবিৰতো জুই লগাই দিছিল ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘটনা সন্দৰ্ভত সংসদত এক বিবৃতি দি এছআইটিৰ দ্বাৰা তদন্তৰ হোৱাৰ আশ্বাস দিছিল(Amit Shah announced SIT inquiry on Nagaland situation) ৷ এছআইটিয়ে এমাহৰ ভিতৰত ঘটনাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । ইফালে, যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম)য়ে গৃহমন্ত্ৰী গৰাকীৰ বক্তব্যক গৰিহণা দি কৈছে যে, চৰকাৰে নাগালেণ্ডৰ পৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) বাতিল নকৰালৈকে কোনোধৰণৰ আলোচনা নহ'ব(NSCN IM says No political talks under AFSPA ) । নাগালেণ্ডৰ অটিঙত অসামৰিক লোকৰ গণহত্যাৰ পিছত, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোক তথা দল-সংগঠনসমূহে ৰাজ্যখনৰ পৰা এই আইন বাতিল কৰাৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক : এফালে তেজৰ নৈ বোৱাই আনফালে ৰাজনৈতিক আলোচনা সম্ভৱ নহয়: NSCN-IM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.