ETV Bharat / bharat

এফালে তেজৰ নৈ বোৱাই আনফালে ৰাজনৈতিক আলোচনা সম্ভৱ নহয়: NSCN-IM

author img

By

Published : Dec 9, 2021, 8:20 PM IST

blood-and-political-talks-cannot-go-together-warns-nscn-im
এফালে তেজৰ নৈ বোৱাই আনফালে, ৰাজনৈতিক আলোচনা কৰা সম্ভৱ নহয়: NSCN-IM

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যক গৰিহণা দি NSCN য়ে নাগালেণ্ডৰ পৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ ৰখাৰ দাবী জনাইছে (NSCN IM Condemns statement of Home Minister Amit Shah) ৷ AFSPA ৰ ছাঁত কোনো ৰাজনৈতিক আলোচনা অৰ্থপূৰ্ণ নহ'ব বুলিও সকিয়নী প্ৰদান কৰিছে সংগঠনটোৱে ৷ সবিশেষ জানো আহক ৷

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাত শেহতীয়াকৈ সংঘটিত অটিং গণহত্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যক গৰিহণা দি NSCN য়ে (NSCN IM Condemns statement of Home Minister Amit Shah) নাগালেণ্ডৰ পৰা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে( NSCN IM demands immediate withdrawal of AFSPA ) ৷ এক বিবৃতি যোগে সংগঠনটোৱে কয় যে, সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) বাতিল নোহোৱালৈকে কোনো 'ৰাজনৈতিক আলোচনা' নহ'ব(NSCN says No political talks under AFSPA ) ।

যুদ্ধ বিৰতিত থকা উগ্ৰপন্থী সংগঠনটোৱে ওটিং 'গণহত্যা'ক এটা ইচ্ছাকৃতভাৱে কাৰ্যকৰী কৰা ঘটনা বুলিও অভিহিত কৰিছে(Oting massacre was deliberately executed says NSCN) ৷ সংগঠনটোৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হয়, "এই আইনখনে ভাৰতীয় নিৰাপত্তা বাহিনীক কেৱল সন্দেহৰ ভিত্তিত যিকোনো লোকক গুলীয়াই হত্যা কৰাৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে । নাগাসকলে বহুসময়ত এই কাৰ্য্যৰ দ্বাৰা তিক্তটা লাভ কৰিছে আৰু ইয়াৰ ফলত ইতিমধ্যে যথেষ্ট তেজ বৈছে । এফালে তেজৰ নৈ বৈ থাকিলে একে সময়তে আনফালে ৰাজনৈতিক আলোচনা চলিব নোৱাৰে ৷ "

ইফালে, সংগঠনটোৱে সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কৰা বক্তব্যক 'দায়িত্বহীন' বুলি অভিহিত কৰি কয় যে, এই জটিল সময়চোৱাত অমিত শ্বাহৰ পৰা পৰিপক্ক ৰাজনীতি আশা কৰা হৈছিল ।

বিবৃতিটোত কোৱা হয়, "তাৎপৰ্যপূৰ্ণভাৱে, তেওঁ (অমিত শ্বাহে)কাল্পনিক চোৰাংচোৱাৰ কাহিনীৰ দ্বাৰা পেৰা কমাণ্ডোসকলে কৰা জঘন্য হত্যাকাণ্ডৰ বাবে তেওঁলোককে সমৰ্থন কৰি জ্বলা জুইত ঘিঁউ ঢালিছে । এয়া নাগাসকলৰ বাবে কেঁচা ঘাঁত নিমখ জলকীয়া সনাৰ দৰে হৈছে ৷ " উল্লেখযোগ্য যে, ৪ ডিচেম্বৰৰ সন্ধিয়া মন জিলাৰ টুৰু আৰু অটিঙৰ মাজত অসম ৰাইফলছৰ পেৰাট্ৰুপাৰসকলৰ দ্বাৰা এই ’গণহত্যা' সংঘটিত হৈছিল ৷ ইয়াৰ পিছতে সমগ্ৰ দেশতে এই ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৬ ডিচেম্বৰত সংসদত এক বিবৃতি প্ৰদান কৰি কয় যে "শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাৰ তিৰু আৰু অটিং গাঁৱৰ মাজৰ এটা এলেকাত ছয়জন নাগৰিকক কঢ়িয়াই নিয়া বাহনখন ৰ'বলৈ সংকেত দিয়া হৈছিল ; কিন্তু তেওঁলোকে পলাই যাবলৈ চেষ্টা কৰিছিল । ইয়াৰ পিছত, নিৰাপত্তা বাহিনীয়ে বাহনখনলৈ গুলীচালনা কৰে, য’ত সাধাৰণ লোকসকলক উগ্ৰপন্থী বুলি ভুলকৈ ধাৰণা কৰা হৈছিল । কয়লা খনিৰ শ্ৰমিক ছজন ঘটনাটো সংঘটিত হোৱাৰ সময়ত এখন বাহনত ঘৰলৈ উভতি গৈ আছিল । এই ঘটনাৰ ফলত শনিবাৰে নিশা অঞ্চলটোত হিংসাত্মক ঘটনা সংঘটিত হয় আৰু নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰাৰ পিছত আৰু আঠজন নাগৰিক (শনিবাৰে সাতজন আৰু এজন দেওবাৰে) নিহত হয়।"

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এজন জীৱিত ব্যক্তি শ্বেইৱাঙে কয়, " সঁচাকৈ ক'বলৈ গ'লে সংসদত অমিত শ্বাহে উল্লেখ কৰা অনুসৰি কয়লা শ্ৰমিকসকলৰ পিক-আপ ভেনখনক ৰখিবলৈ কোনো সংকেত দিয়া হোৱা নাছিল । তেওঁলোকে আমাৰ ওপৰত গুলী চালনা কৰিছিল, আমি পলাই যোৱা নাছিলো।"

এনএছচিএন (আইএম)য়ে বিবৃতিটোত উল্লেখ কৰিছে, ''ইয়াত কোনো সন্দেহ নাই যে এইটো এটা ইচ্ছাকৃত আক্ৰমণ আছিল আৰু অঞ্চলটোত এনএছচিএনৰ কোনো কাৰ্যকলাপৰ খবৰ লাভ কৰা বুলি কোৱা কথাৰ বিশ্বাস যোগ্যতা নাই ৷ সত্য লুকাই নাথাকে, এই কুখ্যাত AFSPAই ভাৰতীয় সুৰক্ষা বাহিনীক কেৱল সন্দেহৰ ভিত্তিত যিকোনো লোকক গুলীয়াই হত্যা কৰাৰ অনুজ্ঞাপত্ৰ দিছে । আমি নাগাসকলে বহু দিন ধৰি আমাৰ মানৱীয় মৰ্যাদাৰ ওপৰত কৰা অপমান সহ্য কৰি আহিছো । এফালে তেজ লৈ একে সময়তে আনফালে, ৰাজনৈতিক আলোচনা চলিব নোৱাৰে । নাগাসকলক আৰু পৃথিৱীৰ চকুত হাঁহিয়াতৰ পাত্ৰ বনাব নোৱাৰি । AFSPA ৰ ছাঁত কোনো ৰাজনৈতিক আলোচনা অৰ্থপূৰ্ণ নহ'ব"।

লগতে পঢ়ক : Next CDS of India : সেনাপ্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.