ETV Bharat / bharat

Next CDS of India : সেনাপ্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS ?

author img

By

Published : Dec 9, 2021, 1:08 PM IST

ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পাছতে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন পৰৱৰ্তী চিডিএছ কোন হ'ব (Who will be the India's next CDS)? এইক্ষেত্ৰত সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেক পৰৱৰ্তী চিডিএছ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা অধিক । কিয়নো নৌসেনা আৰু বায়ু সেনাৰ মুৰব্বীয়ে শেহতীয়াকৈ তেওঁলোকৰ দায়িত্ব গ্ৰহণ কৰিছে ।

Next CDS of India
সেনা প্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে । আকস্মিক হেলিকপ্তাৰ দুৰ্ঘটনাত সেনা প্ৰধানগৰাকীৰ মৃত্যুৰ লগে লগে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন । পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফৰ (CDS) দায়িত্ব কাক দিয়া হ'ব (Who will be the India's next CDS) ?

বৰ্তমানৰ সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে এই পদৰ বাবে উপযুক্তসকলৰ ভিতৰত অন্যতম (Army Chief General Naravane may be the next CDS)। ২০১৯ চনৰ ৩১ ডিচেম্বৰত জেনেৰেল বিপিন ৰাৱাটৰ পৰা ভাৰতৰ ১৩ লাখ শক্তিশালী সেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰি জেনেৰেল নাৰাভানে ২০২২ চনৰ এপ্ৰিললৈকে শীৰ্ষস্থানত কাৰ্যনিৰ্বাহ কৰিব পাৰিলেহেঁতেন । যদি তেওঁক পৰৱৰ্তী চিডিএছ হিচাপে নিযুক্তি দিয়া হয়, তেনেহ'লে সেয়া সম্ভৱ নহ'ব । তেওঁৰ বয়স ৬৫ বছৰ হোৱালৈ এই দায়িত্বত থাকিব লাগিব ৷ অথবা চিডিএছৰ দায়িত্ব অতি কমেও তিনি বছৰ সম্পূৰ্ণ কৰিব লাগিব ।

চীফ অৱ ডিফেন্স ষ্টাফ হৈছে এনে এগৰাকী ব্যক্তি, যি গৰাকীয়ে তিনিটা সেৱাৰ যিকোনো এটাৰ নেতৃত্ব দিব লাগিব । সেনা প্ৰধানসকলৰ তিনি বছৰ বা ৬২ বছৰ বয়সলৈ এক নিৰ্ধাৰিত কাৰ্যকাল থাকে ৷ কিন্তু চিডিএছৰ কাৰ্যকাল নিৰ্ধাৰণ কৰা নহয় ।

চিডিএছ হ'বলৈ সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠতম বিষয়া হ'ব লাগিব । এই মূহুৰ্তত সেনা প্ৰধানে সামৰিক বিষয়াসকলৰ ভিতৰত শীৰ্ষতম বিষয়া । বৰ্তমানৰ নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰে ৩০ নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত নৌসেনা প্ৰধান হিচাপে মাত্ৰ আঠ দিন অতিবাহিত কৰিছে ৷ ইয়াৰ বিপৰীতে ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল বিবেকৰাম চৌধুৰীয়ে ৩০ ছেপ্তেম্বৰত দায়িত্ব গ্ৰহণ কৰি প্ৰায় দুমাহ ধৰি দায়িত্ব পালন কৰি আছে ।

জ্যেষ্ঠতাৰ নিয়ম অনুসৰি যদি নাৰাভানেক চিডিএছৰ দায়িত্ব দিয়া হয়, তেনেহ'লে নাৰাভানেৰ পদটো উত্তৰ সেনা কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল যোগেশ কুমাৰ যোশী বা সেনাৰ কাৰ্যকৰী উপ-প্ৰধান লেফটেনেণ্ট জেনেৰেল চান্দি প্ৰসাদ ম’হান্তিয়ে পূৰণ কৰিব পাৰিব । লক্ষণীয়ভাৱে লেফটেনেণ্ট জেনেৰেল যোশী বায়ু সেনা আৰু নৌসেনা দুয়োটাৰে মুৰব্বীসকলৰ ভিতৰত শীৰ্ষ ।

লগতে পঢ়ক : Bipin Rawats Chopper Crash : একমাত্ৰ জীৱিত ব্যক্তিগৰাকীক বচাবলৈ সকলো প্ৰচেষ্টা কৰা হৈছিল : ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.