চান্দাৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ ৰাজহুৱাকৈ আহ্বান মুখ্যমন্ত্ৰীৰ
দুৰ্গা পূজাৰ চান্দাৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ পুনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ বৃহস্পতিবাৰে টুইটযোগে এই আহ্বান জনোৱাৰ পাছত শুকুৰবাৰে পুনৰ ৰাজহুৱাকৈ পূজা সমিতিৰ আয়োজকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷
আইমী বৰুৱাই অসমবাসীক লজ্জিত কৰাৰ অভিযোগ
আইমী বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে দুটাকৈ গুৰুতৰ অভিযোগ ৷ স্বাৰ্থসিদ্ধিৰ বাবে তিনিমহীয়া শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ মন্ত্ৰীপত্নীগৰাকীৰ বিৰুদ্ধে (Allegation against Aimee Baruah) ৷ ইয়াৰোপৰি ডিমাচা জনগোষ্ঠীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিনেত্ৰী তথা মন্ত্ৰীপত্নীগৰাকীৰ বিৰুদ্ধে ৷
ফুটবল ভাল পোৱা জুবিন গাৰ্গে চোৱা নাই 'লাইভ' ক্ৰিকেট
ৰাজ্যত এতিয়া ক্ৰিকেটৰ জ্বৰ । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল(India And South Africa's T20 Squad) । যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গে গুৱাহাটীত লাইভ খেলখন চোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷
পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ওদালগুৰিৰ এটা অঞ্চলৰ ৰাইজক
ওদালগুৰি জিলাৰ ৰৌতা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিপভিচৰা গাঁৱৰ এটি পথে জলা-কলা খুৱাইছে গাঁওবাসীক (Poor road condition in Udalguri)। এই পথচোৱাৰে দৈনিক শ-শ লোক যাতায়ত কৰে ৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি অঞ্চলটোৰ সকলো লোকে যাতায়ত কৰে এই পছচোৱাৰে ৷ সদা ব্যস্ত পথটি মেৰামতিত বিভাগীয় কৰ্তৃপক্ষই হেমাহি কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ।
সামৰণি পৰিল দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ
সামৰণি পৰিল দেশভক্ত তৰুণৰাম ফুকন ইনদ'ৰ ষ্টেডিয়ামত পাঁচদিনীয়াকৈ অনুষ্ঠিত দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ (South Asia Regional Junior Badminton Championship) । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামৰণি অনুষ্ঠানত উপস্থিত হৈ অসম বেডমিণ্টন সন্থা(Assam Badminton Association)ক এই প্রতিযোগিতা আয়োজনৰ সুযোগ দিয়াৰ বাবে বেডমিণ্টন এছিয়া আৰু বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়া(Badminton Association of India)ক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।