ফুটবল ভাল পোৱা জুবিন গাৰ্গে চোৱা নাই 'লাইভ' ক্ৰিকেট

author img

By

Published : Sep 30, 2022, 10:43 PM IST

Zubeen Garg reacts to India and South Africa T20 match
ফুটবল ভাল পোৱা জুবিন গাৰ্গে চোৱা নাই 'লাইভ' ক্ৰিকেট ()

ৰাজ্যত এতিয়া ক্ৰিকেটৰ জ্বৰ । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল(India And South Africa's T20 Squad) । যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গে গুৱাহাটীত লাইভ খেলখন চোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷

গুৱাহাটী, 30 ছেপ্টেম্বৰ: ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী এতিয়া ক্ৰিকেট জ্বৰত আক্ৰান্ত । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল(India and South Africa T20 match) । ক্ৰিকেটৰ এই পৰিৱেশৰ মাজত 'লাইভ' খেল চোৱাৰ মন মেলিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ।

অৱশ্যে জুবিন গাৰ্গে কেতিয়াও 'লাইভ' ক্ৰিকেট খেল উপভোগ কৰা নাই । এই কথা তেওঁ নিজে সদৰি কৰিছে (Zubeen Garg react on cricket) । শুকুৰবাৰে গুৱাহাটীত ক্ৰিকেট সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত স্বভাৱসুলভ ভংগীমাৰে জুবিন গাৰ্গে কয় যে মই ফুটবল বেছি চাওঁ । ক্ৰিকেট লাইভ কেতিয়াও চোৱা নাই । বহুতে তেওঁক ক্ৰিকেট চোৱাৰ কথা কৈ আছে বুলি সদৰি কৰি তেওঁ কয় যে, গুৱাহাটীত খেল আছে যেতিয়া সুবিধা পালে চাম ।

ফুটবল ভাল পোৱা জুবিন গাৰ্গে চোৱা নাই 'লাইভ' ক্ৰিকেট

ভাৰতীয় ক্ৰিকেট দলৰ সন্দৰ্ভত তেওঁ কয় যে, ভাৰতীয় দলটো আপ-ডাউনৰ মাজত থাকে । কেতিয়াবা ভাল খেলে আৰু কেতিয়াবা বেয়া খেলে । বতৰ ভাল হ'লে খেলা ভাল হ'ব নহ'লে 'তেল' হৈ যাব বুলি তেওঁ ৰসিকতা কৰে ।

লগতে পঢ়ক: মহানগৰীত ক্ৰিকেটৰ জ্বৰ: গুৱাহাটী পালেহি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.