মহানগৰীত ক্ৰিকেটৰ জ্বৰ: গুৱাহাটী পালেহি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

author img

By

Published : Sep 29, 2022, 7:29 PM IST

India and South Africa players arrives in Guwahati

দীঘলীয়া অপেক্ষাৰ অন্তত গুৱাহাটীত পদাৰ্পন কৰিলে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ দলে ৷ বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় দল দুটা (India and South Africa players arrives in Guwahati) ৷

গুৱাহাটী, 29 ছেপ্টেম্বৰ: মহানগৰীত ক্ৰিকেট তাৰকা ৷ দীঘলীয়া অপেক্ষাৰ অন্তত গুৱাহাটীত পদাৰ্পন কৰিলে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ দলে ৷ বৃহস্পতিবাৰে বিয়লি ৪.৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় দল দুটা (India and South Africa players arrives in Guwahati)৷

বিমানবন্দৰৰ পৰাই তিনিখন শীততাপ নিয়ন্ত্ৰিত বাছেৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ সকলক ৰেডিচন ব্লু হোটেললৈ নিয়া হয় (India And South Africa’s T20 match) ৷ খেলুৱৈসকলৰ সুৰক্ষাৰ বাবে বিমানবন্দৰৰ পৰা ৰেডিচন ব্লু হোটেললৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষীয়ে (Radisson Blu Hotel Guwahati) ৷

উল্লেখ্য যে, ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল ৷ ৩০ ছেপ্টেম্বৰত দুয়োটা দলে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব ৷ বি চি চি আইৰ সম্পাদক জয় শ্বাহে দেওবাৰে অতিথি হিচাপে খেলখন (BCCI secretary Jay Shah) উপভোগ কৰিব ৷

গুৱাহাটীত পৰ্দাপন ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ খেলুৱৈ

২ অক্টোবৰত গুৱাহাটীত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টী-২০ ক্ৰিকেট খেলৰ বাবে মেচ ৰেফাৰীৰ দায়িত্বত আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথক ৷ খেলখনৰ সফল আয়োজনৰ বাবে ইতিমধ্যে প্ৰস্তুত হৈছে অসম ক্ৰিকেট সন্থা ৷ ২ অক্টোবৰত শৃংখলাৰ দ্বিতীয়খন টী-২০ খেল ভাৰত আৰু আলহী দল দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব ।

দুয়ো দলৰ খেলুৱৈসকলে থিৰুৱন্তপুৰমৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয়হি ৷ আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে ষ্টেডিয়ামৰ পৰা প্ৰত্যক্ষ কৰিব ৷

লগতে পঢ়ক: বৃহস্পতিবাৰে গুৱাহাটী পাবহি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.