বৃহস্পতিবাৰে গুৱাহাটী পাবহি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ

author img

By

Published : Sep 28, 2022, 10:32 PM IST

India and South Africa players arrive in Guwahati on Thursday

দুই অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল (India And South Africa's T20 Squad) । বৃহস্পতিবাৰে বিয়লি ৪-৪৫ বজাত গুৱাহাটীত উপস্থিত হ'ব উভয় দল । কটকটীয়া নিৰপত্তাৰ মাজেৰে ক্রিকেটাৰসকলক অনা হ’ব হোটেল ৰেডিচন ব্লুলৈ ।

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: ক্ৰিকেট জ্বৰত আক্ৰান্ত অসমৰ ক্ৰিকেটপ্ৰেমী । ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল(India And South Africa's T20 Squad) । খেলখনৰ বাবে দুয়োটা দল বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব । ক্ৰিকেট প্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই বৃহস্পতিবাৰে বিয়লি ৪-৪৫ বজাত গুৱাহাটীত উপস্থিত হ'ব উভয় দল (India and South Africa players arrive in Guwahati)।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ক্রিকেটাৰসকলক অনা হ’ব হোটেল ৰেডিচন ব্লুলৈ (Radisson Blu Hotel Guwahati) । তাৰকা খেলুৱৈৰে ভৰি পৰিব মহানগৰ । উল্লেখ্য যে, ৩০ ছেপ্টেম্বৰত দুয়োটা দলে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব । বিচিচিআইৰ সম্পাদক জয় শ্বাহে (BCCI secretary Jay Shah) দেওবাৰৰ গুৱাহাটীৰ খেলখন অতিথি হিচাপে উপভোগ কৰিব ।

২ অক্টোবৰৰ গুৱাহাটীৰ টী-২০ ক্ৰিকেট ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলৰ বাবে মেচ ৰেফাৰীৰ দায়িত্বত আছে টীম ইণ্ডিয়াৰ প্ৰাক্তন পেচ বলাৰ জভাগল শ্ৰীনাথ । খেলখনৰ সফল আয়োজনৰ বাবে প্ৰস্তত হৈছে অসম ক্ৰিকেট সন্থা । ২ অক্টোবৰত শৃংখলাৰ দ্বিতীয়খন টী-২০ খেল ভাৰত আৰু আলহী দল দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব ।

দুয়ো দলৰ খেলুৱৈসকলে থিৰুৱন্তপুৰমৰ পৰা বিশেষ বিমানযোগে বৃহস্পতিবাৰে বিয়লি ৪.৪৫ বজাত বৰঝাৰৰ বিমান বন্দৰত আহি উপস্থিত হ'ব । দুয়োটা দলে ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত বৰ্ষাপাৰাৰ প্ৰেক্টিছ উইকেটত অনুশীলন চলাব । আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে (India vs South Africa) ।

লগতে পঢ়ক: নৰ্থ-ইষ্ট ইউনাইটেড এফ চি দলত খেলিব অসমৰ ছগৰাকী খেলুৱৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.