ধুবুৰীৰ নাও দুৰ্ঘটনাস্থলীলৈ সাংসদ-মন্ত্ৰী-বিধায়কৰ সোঁত

author img

By

Published : Sep 30, 2022, 11:03 PM IST

Boat accident in Dhubri

ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত দুদিনে সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস । অব্যাহত আছে SDRF, NDRF ৰ অভিযান । নাও দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বুজ ল’লে সাংসদ বদৰুদ্দিন আজমলে । ৰাণা গোস্বামীৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দল । পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (MP Minister MLA at Dhubri boat accident site) ।

ধুবুৰী, 30 ছেপ্টেম্বৰ : ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা শোকাৱাহ নাও দুৰ্ঘটনাৰ আজি দ্বিতীয় দিনাও সন্ধান ওলোৱা নাই ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ (Boat accident in Dhubri) । বৃহস্পতিবাৰে নাও দুৰ্ঘটনাৰ ফলত সন্ধানহীন হৈ পৰা ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ সন্ধানত শুকুৰবাৰে পুৱা পাঁচ বজাৰ পৰা SDRF, NDRF, FNES আৰু 12 গৰাকী ডুবাৰুকে ধৰি মুঠ 96 গৰাকী উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে (Cericle officer Sanju Das missing) ।

ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলৰ দুৰ্ঘটনাস্থলীৰ পৰা নামনিৰ ভাৰত-বাংলা সীমান্ত অঞ্চললৈ এই অভিযান চলোৱা হৈছে ৷ সীমান্ত সুৰক্ষা বাহিনীৰ লগতে ধুবুৰী জিলা সংলগ্ন বাংলাদেশৰ কুৰিগ্ৰাম জিলা প্ৰশাসন আৰু স্থানীয় লোকৰ সৈতেও যোগাযোগ ৰক্ষা কৰা হৈছে দাবী কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ।

ইপিনে আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত এটা উদ্ধাৰকাৰী বাহিনীৰ প্ৰায় দহটাকৈ দলে সীমান্ত অঞ্চলত গৈ উদ্ধাৰ অভিযান চলায় ৷ কিন্তু ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে ৰাজ্য জোঁকাৰি যোৱা শোকাৱাহ নাও দুৰ্ঘটনাৰ পিছদিনা অৰ্থাৎ আজি পুৱাৰ ভাগতেই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৰাজহ চক্ৰ বিষয়াগৰাকীৰ পত্নী সহ তেওঁৰ সম্পৰ্কীয় ভাতৃয়ে । ঘটনাৰ বুজ লৈয়েই পৰিয়ালৰ লোকে আঁতৰি যায় ।

ধুবুৰীৰ নাও দুৰ্ঘটনাস্থলীলৈ সাংসদ-মন্ত্ৰী-বিধায়কৰ সোঁত

আনহাতে, পুৱাৰ ভাগত স্থানীয় বিধায়ক নজৰুল হক ঘটনাস্থলীত উপস্থিত হৈছে ঘটনাৰ বুজ লৈ L&T কোম্পানী আৰু আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ দোষী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰৰ দাবী উত্থাপিত কৰে । একেদৰে দুপৰীয়াৰ ভাগত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ নেতৃত্বত বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰী সহ প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমে নাও দুৰ্ঘটনাৰ দুখ প্ৰকাশ কৰাৰ লগতে সন্ধানহীন বিষয়াগৰাকীৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক : Dhubri Boat Accident: নিৰ্মীয়মান দলঙৰ খুঁটাত লাগি সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনা

লগতে L&T কোম্পানী, আভ্যন্তৰীণ জল পৰিবহন বিভাগ আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে পৰিয়ালৰ কোনোবা এজনক সংস্থাপন দিবলৈ চৰকাৰক দাবী জনায় । ইপিনে বিয়লি প্ৰায় চাৰি বজাত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে দলীয় বিধায়ক নজৰুল হকক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ শোকাৱাহ নাও দুৰ্ঘটনা সম্পৰ্কে দুখ প্ৰকাশ কৰি সঞ্জু দাস এজন কৰ্মদক্ষ বিষয়া আছিল বুলি একপ্ৰকাৰ আবেগিক হৈ পৰে ।

লগতে সাংসদ আজমলে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কয় যে, ধুবুৰী ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰি গৈছিল । যাৰ বাবে তেওঁৰ বিৰুদ্ধে বিভিন্ন সময়ত ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ নাও দুৰ্ঘটনাত বিষয়াগৰাকী সন্ধানহীনতাৰ আঁৰত কিবা ৰহস্য আছে বুলি ক’ব বিচাৰে সাংসদ বদৰুদ্দিন আজমলে ।

এইক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে আজমলে । লগতে আজমলে বিষয়াগৰাকীৰ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰি পৰিয়ালটোক চৰকাৰে এক কোটি টকাৰ অনুদান দিবলৈ দাবী জনোৱাৰ লগতে পৰিয়ালৰ এজনক সংস্থাপন দিয়াৰো দাবী জনাই আজমলে (Political leaders at Dhubri boat accident site) ।

উল্লেখ্য যে, শোকাৱাহ নাও দুৰ্ঘটনাৰ পিছদিনা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি সন্ধিয়াৰ ভাগত ঘটনাস্থলীত উপস্থিত হয় অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক লগত লৈ দুৰ্ঘটনাৰ সবিশেষ বুজ লোৱাৰ বিপৰীতে চলি থকা উদ্ধাৰ অভিযান সম্পৰ্কেও বুজ লয় ।

লগতে পঢ়ক : দিখৌমুখৰ পৰা মাজুলীলৈ দৈনিক বিপদসংকুল নৌকা যাত্ৰা

নাও দুৰ্ঘটনাৰ দুখ প্ৰকাশ কৰি এজন কৰ্ম দক্ষ প্ৰশাসনিক বিষয়াক হেৰুৱাটো চৰকাৰৰ বাবে যথেষ্ট ক্ষতি বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । লগতে সন্ধানহীন বিষয়া গৰাকীৰ পৰিয়ালৰ লোকে বৃহস্পতিবাৰৰ পৰা আশ্ৰয় লৈ থকা ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে প্ৰথমে পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি ঘটনাস্থলীত গৈ উপস্থিত হয় ।

তাৰ পিছতেই ঘটনাৰ বিষয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, প্ৰশাসনিকভাৱে দোষী হিচাপে চিহ্নিত হোৱা L&T দুই অভিযন্তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তদন্ত কৰি থকা হৈছে । লগতে বিষয়া গৰাকী বাংলাদেশৰ ফালে উটি যাব পাৰে বুলি ধাৰণা কৰি বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে সাংসদ বদৰুদ্দিন আজমলে বিষয়া গৰাকীৰ সন্ধানহীনৰ আঁৰত ৰহস্যৰ গোন্ধ পোৱাৰ প্ৰসংগত মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত, তদন্ত কৰা হ’ব বুলি কৈ এয়া আন কোনো নহয় এয়া দুৰ্ঘটনাহে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । SDRF, NDRF আৰু ডুবাৰুৰ দলে অভিযান অব্যাহত ৰাখিছে যদিও কাইলৈ বেচৰকাৰী দক্ষ উদ্ধাৰকাৰী লোকক উদ্ধাৰ অভিযানত নিয়োগ কৰা হ’ব বুলিও জনাইছে মন্ত্ৰী বৰুৱাই ।

লগতে বিষয়া গৰাকীৰ পৰিয়ালটোৰ ক্ষেত্ৰত চৰকাৰীভাৱে কি ধৰণে চিন্তা কৰা হৈছে বুলি সোধাত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমি এতিয়াও আশাবাদী বিষয়া গৰাকী সুস্থ অৱস্থাত উদ্ধাৰ হওক আৰু উদ্ধাৰ নোহোৱালৈকে তেনে কথা চিন্তা কিবা নোৱাৰি’’ । লগতে ৰাজ্য চৰকাৰৰ পূৰ্বৰ নিয়ম মতেই পৰিয়ালে সুবিধা পাব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : মাজুলীবাসীৰ বাবে অভিশপ্ত ৮ ছেপ্টেম্বৰ ! নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ এবছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.