পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ওদালগুৰিৰ এটা অঞ্চলৰ ৰাইজক

author img

By

Published : Oct 1, 2022, 8:11 AM IST

Poor road condition in Udalguri

ওদালগুৰি জিলাৰ ৰৌতা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিপভিচৰা গাঁৱৰ এটি পথে জলা-কলা খুৱাইছে গাঁওবাসীক (Poor road condition in Udalguri)। এই পথচোৱাৰে দৈনিক শ-শ লোক যাতায়ত কৰে ৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি অঞ্চলটোৰ সকলো লোকে যাতায়ত কৰে এই পছচোৱাৰে ৷ সদা ব্যস্ত পথটি মেৰামতিত বিভাগীয় কৰ্তৃপক্ষই হেমাহি কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ।

ওদালগুৰি, 1 অক্টোবৰ: চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে পথৰ দুৰৱস্থা । কেৱল যেন শ্ল'গানতে আবদ্ধ হৈ থাকে ৰাজ্যৰ উন্নয়ন ব্যবস্থা ৷ পৰিৱৰ্তনকামী চৰকাৰে যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে ৷ তেনে এক দৃশ্যই উন্মোচিত হৈছে ওদালগুৰিত (Poor road condition in Udalguri) ৷

ওদালগুৰি জিলাৰ ৰৌতা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিপভিচৰা গাঁৱৰ এটি পথে জলা-কলা খুৱাইছে গাঁওবাসীক । এই পথচোৱাৰে দৈনিক শ-শ লোক যাতায়ত কৰে ৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি অঞ্চলটোৰ সকলো লোকে যাতায়ত কৰে এই পছচোৱাৰে ৷ সদা ব্যস্ত পথটি মেৰামতিত বিভাগীয় কৰ্তৃপক্ষই হেমাহি কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ।

ৰাজ্যত শেহতীয়াকৈ হোৱা ভয়াৱহ বানে এফালৰ পৰা ধ্বংস কৰি গৈছে সকলো ৷ গৰাখহনীয়াত উটি গ’ল ঘৰ-বাৰী, শষ্য-পথাৰ, ৰাস্তা-ঘাটৰ পৰা আদি কৰি সকলো ৷ বানৰ কৱলত পৰি ধ্বংস হৈছে ৰাজ্যৰ বহু বাট-পথো ৷

পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ওদালগুৰিৰ এটা অঞ্চলৰ ৰাইজক

শেহতীয়াকৈ বানত অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ খহনীয়াৰ । বানৰ ফলত ডিপভিচৰা গাঁৱৰ মাজেৰে বৈ যোৱা ককালভাংগী নদীৰ বাঢ়নি পানীয়ে গাঁওখনৰ ব্যস্ত পথচোৱা ঠায়ে-ঠায়ে ভাঙি-চিগি লৈ যায় । ফলত যাতায়তৰ বাবে অতিকৈ শোচনীয় হৈ পৰে পথচোৱা ৷ যাৰ ফলত সময়ে সময়ে সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনাও ৷

ইফালে ৰাইজৰ অভিযোগ পথচোৱা মেৰামতি কৰি দিবলৈ স্থানীয় বিধায়ক তথা বিভাগীয় কতৃপক্ষক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কোনো কাণসাৰ নিদিলে ৷ আনকি এই ক্ষেত্ৰত দুৰ্যোগ প্ৰশমন বিভাগেও পছচোৱা মেৰামতি কৰাত হেমাহি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাত ভুগিব লগা হৈছে (Pathetic road condition)। শোচনীয়া পথচোৱাৰ যাতায়ত কৰিব লওতেই প্ৰায় প্ৰতি দিনেই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । সেয়েহে শীঘ্ৰেই পথচোৱা মেৰামতি কৰি দিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগক আহ্বান জনায় ।

লগতে পঢ়ক: গাঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিল ৰঙিয়াৰ এখন গাঁৱৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.