World Vegetarian Day: মাছ-মাংস এৰিলেও কিন্তু শাক-পাচলি ভুলতো নেৰিব

author img

By

Published : Oct 1, 2022, 5:04 AM IST

World Vegetarian Day 2022

আজি ‘বিশ্ব নিৰামিষ দিৱস’ ৷ বিশ্ব নিৰামিষ দিৱস উপলক্ষে নিৰামিষ ভোজী সম্পৰ্কে ৰাষ্ট্ৰীয় স্বাস্থ্য প’ৰ্টেল (NHP)য়ে কিছু তথ্য দাঙি ধৰিছে ৷ জানো আহক নিৰামিষ ভোজী সম্পৰ্কে কিছু কথা...

নিৰামিষ ভোজী আৰু ইয়াৰ উপকাৰিকাত সমৰ্থন কৰিবলৈ বিশ্বজুৰি প্ৰতিবছৰে 1 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোক ‘বিশ্ব নিৰামিষ দিৱস’ হিচাপে পালন কৰা হয় ৷ এই দিনটো পোনপ্ৰথমবাৰৰ বাবে 1977 চনত উত্তৰ আমেৰিকান নিৰামিষ সমিতি (NAVS)য়ে পালন কৰিছিল ৷

প্ৰতিবছৰৰ দৰেই এইবাৰো ১ অক্টোবৰত বিশ্ব নিৰামিষ দিৱস পালন কৰা হয় । নিৰামিষ খাদ্যৰ উপকাৰীতা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই বিশেষ দিৱস উদযাপন কৰা হয় । ইয়াৰ ভিতৰত আছে সতেজ ফল-মূল, শাক-পাচলি আৰু উদ্ভিদৰ পৰা অহা অন্যান্য খাদ্য । ক'ভিড আৰম্ভ হোৱাৰ পৰাই লাখ লাখ লোকে নিৰামিষভোজী খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে কাৰণ এই খাদ্যই ওজন হ্ৰাস কৰাকে আদি কৰি বহুতো স্বাস্থ্যকৰ উপকাৰীতা প্ৰদান কৰে ।

বিজ্ঞানীসকলৰ কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে নিৰামিষ খাদ্য গ্ৰহণ কৰিলে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, বেয়া কলেষ্টেৰল আৰু কিছুমান কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে । কিন্তু নিৰামিষ খাদ্যৰ বিষয়ে বিভিন্ন ধৰণৰ মিথ আছে । যিহেতু বিশ্ব নিৰামিষ দিৱস আৰু সেয়েহে ইয়াত আমি বিশেষজ্ঞসকলৰ উদ্ধৃতি দি নিৰামিষ খাদ্যৰ বিষয়ে ভাইৰেল মিথবোৰ ভাঙি পেলাইছো । এই খবৰটো পঢ়াৰ পিছত ভেজ ডায়েটতো ভাল পাব ।

নিৰামিষ ভোজীৰ প্ৰকাৰ-

ৰাষ্ট্ৰীয় স্বাস্থ্য প’ৰ্টেল (NHP)য়ে নিৰামিষ ভোজীসকলক এক শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে আৰু এই শ্ৰেণীত তিনিটা ভাগ আছে ৷

1. ভেগান (Vegan): এই শ্ৰেণীত আহাৰসমূহ কেৱল উদ্ভিদ জাতীয় হয় ৷ ইয়াত যিকোনো জীৱ-জন্তুৰ কণী,গাখীৰ,মৌ অন্তৰ্ভুক্ত হ’ব নোৱাৰে ৷ ইয়াত প্ৰধানকৈ কেঁচা কল,পাচলি,স্প্ৰাউটছ অন্তৰ্ভুক্ত কৰা হৈছে ৷

2. লেক্ট’-ভেজিটেৰিয়ান (Lacto-vegetarian): ইয়াত উদ্ভিদ জাতীয় খাদ্য আৰু গাখীৰেৰে তৈয়াৰী খাদ্য অন্তৰ্ভুক্ত যদিও কণী অন্তৰ্ভুক্ত নহয় ৷

3. লেক্ট’-অ’ভো-ভেজিটেৰিয়ান (Lacto-ovo vegetarian): ইয়াত উদ্ভিদ জাতীয়,গাখীৰেৰে তৈয়াৰী খাদ্য আৰু কণী অন্তৰ্ভুক্ত হৈ আছে ৷

যি প্ৰকাৰৰ নিৰামিষ ভোজী নহওঁক কিয়,আপুনি এইটো সুনিশ্চিত কৰা উচিত যে আপুনি শৰীৰৰ বিকাশ,সঞ্চালন আৰু বৃদ্ধিৰ বাবে ভাৰসাম্যযুক্ত খাদ্য গ্ৰহণৰ বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে ৷ NHPয়ে নিম্নলিখিত খাদ্যত ভিটামিন আৰু মিনাৰেল বিচাৰি পাইছে-

  • ভিটামিন বি12:

গাখীৰেৰে তৈয়াৰী খাদ্য,কণী,ব্ৰেড,চোয়া আৰু চাউলপ পৰা তৈয়াৰী পানীয় ৷

  • ভিটামিন ডি:

গাখীৰ আৰু ৰ’দ

  • কেলছিয়াম:

গাখীৰেৰে তৈয়াৰী খাদ্য,সেউজীয়া শাক-পাচলি,ব্ৰোকোলী

  • প্ৰ’টিন:

গাখীৰ আৰু পনীৰ,কণী,টোফু আৰু অন্য চোয়া খাদ্য,নাটছ

  • আইৰণ:

কণী,বীন,শুকান ফল,সেউজীয়া শাক-পাচলি

  • জিংক:

ঘেহুৰ বীজ,নাটছ,বীন আৰু ৰঙালাওৰ বীজ

নিৰামিষভোজক জীৱনশৈলী হিচাপে গ্ৰহণ কৰাৰ বিভিন্ন কাৰণ(Different reasons to adopt Vegetarianism as a Lifestyle)

হিন্দু, বৌদ্ধ, জৈন ধৰ্ম আদি বহু সংস্কৃতিত নিৰামিষভোজ ধৰ্মৰ এক অবিচ্ছেদ্য অংগ । এনে বহুতো পন্থাই আমিষ খাদ্য গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰে যদিও গাখীৰ, মৌ, কেতিয়াবা নিষিক্ত নোহোৱা হাঁহ-কুকুৰাৰ কণীৰ ব্যৱহাৰ গ্ৰহণযোগ্য ।

ধৰ্মীয় নিৰামিষভোজীয়ে প্ৰাকৃতিক জগতখনৰ প্ৰতি অহিংসা আৰু দয়াৰ দৰ্শনৰ পৰা উদ্ভৱ হোৱাৰ প্ৰৱণতা থাকে, সেয়েহে জৈন ধৰ্মৰ সদস্যসকলে নিৰামিষভোজৰ এক প্ৰকাৰ অনুসৰণ কৰে যিয়ে কেৱল পশুজাত খাদ্য খোৱাত বাধা প্ৰদান কৰাই নহয়, পিঁয়াজ, আলুৰ দৰে শিপাৰ শাক-পাচলি খোৱাতো বাধা প্ৰদান কৰে , আৰু হালধি ।

মানুহেও পৰিৱেশ সুৰক্ষাৰ উপায় হিচাপে নিৰামিষভোজক অনুসৰণ কৰে, কিয়নো তেওঁলোকৰ মতে খাদ্যৰ বাবে জীৱ-জন্তু পালন আৰু হত্যা কৰিলে পৰিৱেশত নেতিবাচক প্ৰভাৱ পৰে, প্ৰদূষণৰ সৃষ্টি হয় আৰু জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায় । খাদ্যৰ বাবে ডাঙৰ-দীঘল কৰা পামত জীৱ-জন্তু আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি চিন্তা কৰি মানুহেও নিৰামিষভোজী গ্ৰহণ কৰে ।

আনহাতে, ইয়াৰ স্বাস্থ্য উপকাৰীতাৰ বাবে মানুহে নিৰামিষ খাদ্য গ্ৰহণ কৰে । গৱেষণাৰ পৰা দেখা গৈছে যে উদ্ভিদ ভিত্তিক খাদ্যই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে কাৰণ উচ্চ আঁহ, গোটা শস্য, মাহজাতীয় শস্য, বাদাম আদি সকলো হৃদযন্ত্ৰ আৰু শৰীৰৰ স্বাস্থ্যৰ বাবে অতি উত্তম । ইয়াৰ উপৰিও ৰক্তচাপ কমোৱা, হাড় শক্তিশালী হোৱা, ওজন নিয়ন্ত্ৰণ কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

বিজ্ঞানীসকলৰ কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে নিৰামিষ খাদ্য গ্ৰহণ কৰিলে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, বেয়া কলেষ্টেৰল আৰু কিছুমান কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে । কিন্তু নিৰামিষ খাদ্যৰ বিষয়ে ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: উপবাসে থাকিও স্বাস্থ্যৱান হ'ব পাৰি: খাওক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.