আইমী বৰুৱাই অসমবাসীক লজ্জিত কৰাৰ অভিযোগ

author img

By

Published : Oct 1, 2022, 8:11 AM IST

আইমী বৰুৱাই অসমবাসীক লজ্জিত কৰাৰ অভিযোগ

আইমী বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে দুটাকৈ গুৰুতৰ অভিযোগ ৷ স্বাৰ্থসিদ্ধিৰ বাবে তিনিমহীয়া শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ মন্ত্ৰীপত্নীগৰাকীৰ বিৰুদ্ধে (Allegation against Aimee Baruah) ৷ ইয়াৰোপৰি ডিমাচা জনগোষ্ঠীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিনেত্ৰী তথা মন্ত্ৰীপত্নীগৰাকীৰ বিৰুদ্ধে ৷

গুৱাহাটী, 1 অক্টোবৰ: পুনৰ বিতৰ্কত সোমাই পৰিল অভিনেত্ৰী তথা মন্ত্ৰীপত্নী আইমী বৰুৱা ৷ নিজৰ চিনেমাৰ এটা চৰিত্ৰ ৰূপায়ণ কৰাবলৈ গৈ এটি তিনিমহীয়া শিশুক শাৰীৰিকভাৱে হাৰাশাস্তি কৰাৰ পাচতে শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against Aimee Baruah)৷

মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱা প্ৰযোজিত আৰু পৰিচালিত চেমখৰ ছবিখনত দৃশ্যগ্ৰহণৰ পাচত মৃত্যু হোৱা এটি তিনিমহীয়া কন্যা সন্তানক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Baby died after took part in Semkhor movie)। ছচিয়েল মিডিয়াত এই বিতৰ্ক তুংগত উঠিছে । বিষয়টোক লৈ বিভিন্ন দল-সংগঠনে আইমী বৰুৱাৰ শাস্তি বিচাৰি প্ৰতিবাদমুখৰ হৈ পৰিছে ।

আইমী বৰুৱাই অসমবাসীক লজ্জিত কৰাৰ অভিযোগ

কেৱল ইমানেই নহয়, ছবিখনৰ জৰিয়তে এটা বিশেষ জনগোষ্ঠীক ভুলকৈ উপস্থাপনৰ অভিযোগো উত্থাপিত হৈছে আইমী বৰুৱাৰ বিৰুদ্ধে ৷ ডিমাচা জনগোষ্ঠীক জনমানসত হেয় প্ৰতিপন্ন কৰা আইমী বৰুৱাই ক্ষমা খোজা আৰু ছবিখনত শ্বুটিঙৰ সময়ত দৃশ্যায়ন কৰা দেৱশিশুটিৰ মৃত্যুৰ উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাই ‘চেমখৰ’ক লৈ অসম তৃণমূল যুৱ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Assam TMC reacts on Semkhor movie)।

শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত অসম তৃণমূল যুৱ কংগ্ৰেছৰ(Assam Trinamool youth congress) সভাপতি বনদীপ দত্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় কয় যে, মন্ত্ৰী পত্নীয়ে কাল্পনীক কাহিনীক সত্য ঘটনা বুলি সমগ্ৰ বিশ্বত প্ৰচাৰ কৰি বাঃ বাঃ বুটলাৰ পাচত কাহিনীৰ চিত্ৰায়ন তথা সত্যতাক লৈ ডিমাচা জনগোষ্ঠীয়ে প্ৰশ্ন উত্থাপন কৰাৰ পাচতে ওলাইছে ওৰহি গছৰ ওৰ ৷

পৰিচালক তথা ছবিখনৰ মুখ্য অভিনেত্ৰী আইমী বৰুৱাৰ এনে কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বনদীপ দত্তই ৷ পৰিচালিকাগৰাকীয়ে ভুল তথ্য প্ৰদৰ্শন কৰি ডিমাচা জনগোষ্ঠীক জনমানসত হেয় প্ৰতিপন্ন কৰা বুলি অভিযোগ উত্থাপন কৰি এই কাৰ্যৰ বাবে ডিমাচা ভাই-ভনীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰে ৷ লগতে এই ছবিখনে পোৱা সকলো বঁটা ছবি মহোৎসৱৰ সংশ্লিষ্ট আয়োজক পক্ষক কৰ্তন কৰাৰ আহ্বান জনায় ৷

আনহাতে ছবিখনত শ্বুটিঙৰ সময়ত দৃশ্যায়ন কৰা দেৱশিশুটিৰ মৃত্যুৰ উচিত ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে বনদীপ দত্তই ৷ ইপিনে সংবাদমেলত উপস্থিত থাকি অসম মহিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকাৰে আইমী বৰুৱাই মনেসজা কাহিনী উপস্থাপন কৰি জনপ্ৰিয়তা অৰ্জন কৰাৰ প্ৰয়াস কৰা বুলি অভিযোগ কৰাৰ লগতে একমাত্ৰ বঁটাৰ স্বাৰ্থত ডিমাচা জাতিটোক হেয় প্ৰতিপন্ন কৰা কাৰ্যক চোকা সমালোচনা কৰে ৷

উল্লেখ্য যে এই ঘটনাক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত শুকুৰবাৰে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: চেমখৰৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.