চেমখৰৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী ৰাইজৰ দলৰ

author img

By

Published : Sep 30, 2022, 5:39 PM IST

RAIJOR DOL REACTION ON SEMKHOR CONTROVERSY

'চেমখৰ' বিতৰ্কই সম্প্ৰতি সমগ্ৰ অসমজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে(Controversy over Semkhor film)৷ ছবিখনত অভিনীত শিশু চৰিত্ৰটিৰ শ্বুটিঙৰ 5 দিনৰ পাছতে অৰ্থাৎ 2020 বৰ্ষতে মৃত্যু ঘটাক লৈ সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৷ ছবিখনৰ প্ৰযোজনা-পৰিচালনাৰ দায়িত্বত থকা আইমী বৰুৱাই ছবিখন সন্দৰ্ভত ইতিমধ্যে দেশে-বিদেশে কেইবাটাও অনুষ্ঠানত ভাগ লোৱা পৰিলক্ষিত হৈছে যদিও ছবিখনৰ দৃশ্যগ্ৰহণৰ পাছতেই মৃত্যু ঘটা শিশুটি সন্দৰ্ভত এটা টু বাক্যও উল্লেখ নকৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সচেতন মহলে ৷ শেহতীয়াকৈ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই(Spokesperson of Raijor dol Gyanasree Bora) ।

লক্ষীমপুৰ,30 ছেপ্টেম্বৰ: "এটি শিশুক কেনেদৰে প্ৰতিপালন কৰিব লাগে সেয়া এগৰাকী মাতৃয়ে জনা উচিত ৷ নিজে এগৰাকী মাতৃ হোৱাৰ পাছতো কোভিডৰ দৰে এক জটিল সময়ত এটি তিনিমহীয়া শিশুক এখন পাতল কাপোৰেৰে মেৰিয়াই জলপ্ৰপাতৰ কাষত শ্বুটিং কৰাটো গৰিহণাযোগ্য ৷" 'চেমখৰ'ৰ প্ৰযোজক-পৰিচালক আইমী বৰুৱা সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই(Semkhor film controversy) ।

দেশে-বিদেশে সমাদৃত হোৱা চেমখৰ নামৰ ছবিখনৰ বাবে বিতৰ্কত নাম সাঙোৰ খাইছে ছবিখনৰ প্ৰযোজক-পৰিচালক তথা মন্ত্ৰী পত্নী আইমী বৰুৱাৰ । নাৰায়ণপুৰত আয়োজিত এক সংবাদমেলযোগে ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে কয় যে, কোভিডৰ দৰে এক বিভীষিকাময় সময়ত, সমগ্ৰ দেশবাসী চৰকাৰী বাধা-নিষেধ মানি গৃহবন্দী হৈ থাকিবলগীয়া হৈছিল ৷ সেই সময়ত দৃশ্যগ্ৰহণৰ বাবে আইমী বৰুৱাই অনুমতি কেনেকৈ লাভ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে জ্ঞানশ্ৰী বৰাই (Spokesperson of Raijor dol Gyanasree Bora) ৷

কোভিডৰ অধিক সম্প্ৰসাৰণ ৰোধিবৰ বাবে প্ৰশাসনে সৰ্বসাধাৰণক ঘৰৰ বাহিৰ ওলোৱাৰ ক্ষেত্ৰতো কটকটীয়া নিষেধাজ্ঞা জাৰি হৈ থকাৰ সময়ত এটি তিনিমহীয়া শিশুক দৃশ্যগ্ৰহণস্থলীলৈ কেনেকৈ উলিয়াই আনিব পাৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ড৹ জ্ঞানশ্ৰী বৰাই ।

চেমখৰৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী ৰাইজৰ দলৰ

কোভিডৰ সময়ত শ্বুটিং কৰাৰ বাবেই যদি কেঁচুৱাটোৰ মৃত্যু ঘটে তেনেহ'লে, ইতিমধ্যে মৃত্যু ঘটা কেঁচুৱাটোৰ পিতৃ-মাতৃৰ কাষত চৰকাৰ তথা আৰক্ষী-প্ৰশাসনৰ লোক থিয় হৈ সমগ্ৰ বিষয়টোৰ সঠিক তদন্তৰ দাবী জনাইছে ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই(Demand proper investigation on Semkhor matter) ।

এই ঘটনাৰ বাবে অভিনেত্ৰী তথা ছবিখনৰ প্ৰযোজক-পৰিচালক আইমী বৰুৱাও জগৰীয়া প্ৰমাণিত হয় তেন্তে মন্ত্ৰী পত্নী হিচাপে আইমী বৰুৱা বাছি যোৱাটো উচিত নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে ৷

আনফালে, 'চেমখৰ'ক লৈ বিতৰ্ক অব্যাহত আছে ডিমা হাছাও জিলাতো ((Protests in Haflong against Semkhor film)৷ শিশুটিৰ মৃত্যুৰ সমান্তৰালকৈ ডিমাছা জনগোষ্ঠী সন্দৰ্ভত ছবিখনত সংলগ্ন বিতৰ্কিত দৃশ্যাংশকলৈ জাঙুৰ খাই উঠিছে ডিমাছা জাতীয় সংগঠনসমূহ । ডিমাছা ভাষাত নিৰ্মাণ হোৱা ছবিখন নিষিদ্ধকৰণৰ দাবী জনায় জিলাখনৰ বিভিন্ন স্থানৰ পৰা প্ৰতিবাদী সমদল উলিওৱা পৰিলক্ষিত হৈছে ।

একেদৰে, চলচ্চিত্ৰখনৰ পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং থানাত এজাহাৰ দাখিল কৰিলে কংগ্ৰেছ দলে (Congress FIR against Aimee Baruah) । উল্লেখ্য যে, হাফলং থানাত ইতিমধ্যে আইমী বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতো অভিনেত্ৰী তথা মন্ত্ৰী পত্নী আইমী বৰুৱাক সোধ-পোছ কৰিবলৈ সক্ষম নহ'ল অসম পুলিচৰ, যি কথা পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৰাজ্যখনত ৷

এখন ছবিয়ে বিপদ বৃদ্ধি কৰা ছবিখনৰ প্ৰযোজক-পৰিচালক তথা মন্ত্ৰী পত্নী আইমী বৰুৱাৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে কেনে বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: 68th national film awards 2022, কোনে কোনে লাভ কৰি 68 সংখ্যক ৰাষ্ট্ৰীয় বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.