ETV Bharat / city

নিজৰ কেৰিয়াৰ বনোৱাৰ কাৰণে কোনোবা বিজেপিলৈ গ'লেও চিন্তিত নহয় কংগ্রেছ !

author img

By

Published : Sep 30, 2022, 10:23 PM IST

প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলা সময়তে পৱন সিং ঘাটোৱাৰক কাষত বহুৱাই ভূপেন বৰাৰ সংবাদমেল (Bhupen Borah Press meet in Dibrugarh) ৷ কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱাক লৈ আমি অভ্যস্ত হৈ পৰিছো । এতিয়া কোনোবা গ'লে দলৰ একো ক্ষতি নহয় বুলি মন্তব্য বৰাৰ ।

Bhupen Borah Press meet in Dibrugarh
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

মৰাণ, 30 ছেপ্টেম্বৰ: নিজৰ কেৰিয়াৰ বনোৱাৰ কাৰণে কোনোবা বিজেপিলৈ গ'লেও চিন্তিত নহয় কংগ্ৰেছ ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ উল্লেখ্য যে, কংগ্ৰেছৰ বহুকেইজন নেতাই ৮ অক্টোবৰত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলি ব্যাপক চৰ্চা চলিছিল ৷ অৱশ্যে সেই সভা ইতিমধ্যে বাতিল হৈছে ৷

এনে সময়তে শুকুৰবাৰে ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে(Bhupen Borah Press meet in Dibrugarh) । বিশেষকৈ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ(Ex Congress minister Pawan Singh Ghatowar) পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি সৰৱ চৰ্চা চলা সময়তে পৱন সিং ঘাটোৱাৰক কাষত বহুৱাই সংবাদমেলখন সম্বোধন কৰে ভূপেন বৰাই(APCC president Bhupen Borah) ।

ডিব্ৰুগড়ত অসম প্ৰদেশ চাহ মজদুৰ, আদিবাসী কংগ্ৰেছ বিভাগৰ এখন জৰুৰী সভাৰ পিছতেই সাংবাদিকসকলক সম্বোধন কৰিছিল বৰাই(APCC press meet in Dibrugar) । প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰক কাষত বহুৱাই ভূপেন বৰাই কয়, কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱাক লৈ আমি অভ্যস্ত হৈ পৰিছো । এতিয়া কোনোবা গ'লে দলৰ একো ক্ষতি নহয় ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল

উল্লেখ্য যে, ঘাটোৱাৰৰ লগতে দলৰ জ্যেষ্ঠ নেতা এটোৱা মুণ্ডা, ৰাজু চাহু ইত্যাদিৰ লগত বহি সংবাদমেল সম্বোধন কৰি ভূপেন বৰাই কয় যে, প্ৰাক্তন মন্ত্ৰী পৃথ্বি মাঝিৰ পুত্ৰও ইতিমধ্যে বিজেপিলৈ গৈছে ৷ কাইলৈ ঘাটোৱাৰ ডাঙৰীয়াৰ পুত্ৰও নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিজেপিলৈ যাব পাৰে । অৱশ্যে দুই পিতৃয়ে কিন্তু কংগ্ৰেছৰ হিতৰ কাৰণেই কাম কৰিব বুলি ভূপেন বৰাই সংবাদমেলত সদৰী কৰে ।

লগতে পঢ়ক: চান্দাৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ ৰাজহুৱাকৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.