শিমলাগুৰি আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী

By

Published : Aug 30, 2021, 7:25 AM IST

thumbnail

বৰপেটাৰ শিমলাগুৰিত দেওবাৰে অভিযান চলাই ড্ৰাগছ(Drugs)সহ দুটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা ৰূপন সৰকাৰ আৰু বালু সৰকাৰ বুলি জানিব পৰা গৈছে ৷ এক গোপন সূত্ৰৰ ভিত্তিত শিমলাগুৰি আৰক্ষীয়ে(Simlaguri Police) অভিযান চলাই বৰপেটাৰোড ৰে’ল গেটৰ পৰা সৰবৰাহকাৰী যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয় ৷ সৰবৰাহকাৰী দুটাৰ পৰা 1 কেজি 256 গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে এটা ম’বাইল ফোন, নম্বৰ প্লেটবিহীন এখন মটৰ চাইকেল আৰু নগদ 2 হাজাৰ টকা জব্দ কৰা হয় ৷ ড্ৰাগছ সৰবৰাহকাৰী দুটাক আটক কৰি ইতিমধ্যে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.