মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকণ জয় কৰি স্বগৃহত গোলাঘাটৰ ডলী

By

Published : May 7, 2019, 12:48 PM IST

thumbnail

সোমবাৰে নিশা গোলাঘাটত উপস্থিত হয় মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকণ ২০১৯ৰ খিতাপ অৰ্জন কৰা ডলী কুৰ্মী । গোলাঘাটত উপস্থিত হোৱাৰ পাছতেই অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকণ ডলী কুৰ্মীক উষ্ণ আদৰণি জনায় । জিলাখনৰ মহিমা চাহ বাগিচাৰ দৰে অতি পিছপৰা অঞ্চলত বাস কৰা ডলীয়ে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকণ ২০১৯ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী । বিশ্বৰ প্ৰায় ৫০ খন দেশৰ প্ৰতিনিধিৰ মাজত বিজয়ী ৰূপত ভাৰতবৰ্ষক সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় ডলীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.