ETV Bharat / bharat

ভাৰতত সীমান্তৰ সন্ত্ৰাসবাদৰ প্ৰতি সহনশীলতা অতি কম: এছ জয়শংকৰ - EAM Jaishankar on terrorism

author img

By ANI

Published : May 17, 2024, 6:58 PM IST

EAM Jaishankar on terrorism: চিআইআইৰ বাৰ্ষিক ব্যৱসায় সন্মিলন ২০২৪ত অংশগ্ৰহণ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । এই সন্মিলনত ভাষণ প্ৰদান কৰি পাকিস্তান আৰু চীনৰ বিভিন্ন কাৰ্যকলাপৰ ওপৰত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ পাকিস্তানক তেওঁ আহ্বানো জনায় ।

EAM Jaishankar on terrorism
ভাৰতত সীমান্তৰ সন্ত্ৰাসবাদৰ প্ৰতি সহনশীলতা অতি কম: এছ জয়শংকৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,১৭ মে': সীমান্তৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্দৰ্ভত সৰৱ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ভাৰতত যিকোনো ধৰণৰ সীমান্তৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি সহনশীলতা অতি কম বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে যদি এনে ধৰণৰ ঘটনা সংঘটিত হয় তেনেহ'লে ইয়াৰ পৰিণাম পৰিলক্ষিত হ'ব ।

চিআইআইৰ বাৰ্ষিক ব্যৱসায় সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰি জয়শংকৰে কয় যে পাকিস্তানে নিৰন্তৰভাৱে সন্ত্ৰাসবাদৰ অনুশীলন কৰি আহিছে । জয়শংকৰে লগতে কয় যে ২০১৪ চনত ভাৰতে স্পষ্ট সিদ্ধান্ত লৈছিল যে দেশখনে কোনো সীমান্তৰ সন্ত্ৰাসবাদ সহ্য নকৰে । তেওঁ উল্লেখ কৰা মতে ভাৰতৰ ৰাইজে ২০১৪ চনত এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে তেওঁলোকে এই কাৰ্যকলাপ গ্ৰহণ কৰিব নোৱাৰে ।

তেওঁৰ মতে ভাৰতত যিকোনো ধৰণৰ সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ কাৰ্যকলাপৰ প্ৰতি সহনশীলতা অতি কম । যদি এনে ঘটনা সংঘটিত হয় তেনেহ'লে নিয়ন্ত্ৰণ ৰেখা আৰু সমগ্ৰ আন্তৰ্জাতিক সীমান্তৰ দুয়োফালে ইয়াৰ পৰিণাম হ'ব । উৰি আৰু বালাকোট ইয়াৰ স্পষ্ট বাৰ্তা বুলিও তেওঁ উল্লেখ কৰে ।

পাকিস্তানক লক্ষ্য কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে যদি পাকিস্তানে এনে ধৰণৰ কাম কৰা বন্ধ কৰে তেন্তে ভাৰতৰ জনসাধাৰণে তেওঁলোকক সাধাৰণ চুবুৰীয়াৰ দৰে ব্যৱহাৰ কৰিব । তেওঁৰ মতে যদি পাকিস্তানে বহু দশকত গঢ়ি উঠা এই উদ্যোগটো বন্ধ কৰে, তেনেহ'লে মানুহে তেওঁলোকক সাধাৰণ চুবুৰীয়াৰ দৰে ব্যৱহাৰ কৰিব । যদি তেওঁলোকে ইয়াক তেওঁলোকৰ মূল দক্ষতা হিচাপে ব্যৱহাৰ কৰে তেন্তে নিশ্চিতভাৱে ই তেওঁলোকৰ প্ৰতিচ্ছবি নিৰ্ধাৰণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰে ।

তেওঁ উল্লেখ কৰে যে ২০১৯ চনত পাকিস্তানত ইমৰাণ খানৰ চৰকাৰে সম্পৰ্কৰ ক্ষতি কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল ।

চীনৰ কথা উল্লেখ কৰি জয়শংকৰে কয় যে ই অধিক জটিল বিষয় । তেওঁ উল্লেখ কৰা মতে সীমান্ত অঞ্চলত শান্তি আৰু সম্প্ৰীতি বিঘ্নিত হৈছে । যিয়ে আপোনাৰ ড্ৰয়িং ৰুমত প্ৰৱেশ কৰি ঘৰ খেলিমেলি কৰিবলৈ চেষ্টা কৰি আছে তেনে কাৰোবাৰ সৈতে ব্যৱসায় কৰিব নেকি বুলি তেওঁ চীনক উদ্দেশ্যি প্ৰশ্ন কৰে । জয়শংকৰে কয় যে যদি দেশখনে লিখিত চুক্তিৰ পৰা আঁতৰি থাকি ভাৰতৰ সীমান্তত কাৰ্যকলাপ কৰি থাকে তেনেহ'লে ভাৰতে ক'ব নোৱাৰে যে ব্যৱসায় স্বাভাৱিক হিচাপে অব্যাহত থাকিব নে নাথাকে ।

তেওঁ লগতে কয় যে ইয়াৰ অৰ্থ এইটো নহয় যে ব্যৱসায় বন্ধ হৈ যাব । তেওঁৰ মতে ভাৰতে চীনৰ ব্যৱসায়ক উপেক্ষা কৰা নাই আৰু চীনৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰি আছে । আন এটা বিষয় উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বাণিজ্যিক ভাৰসাম্যহীনতাৰ সমস্যা আন এক গুৰুত্বপূৰ্ণ বিষয় ।

জয়শংকৰে লগতে কয় যে আজি বহুতো দেশত ৰাষ্ট্ৰীয় সুৰক্ষা ফিল্টাৰ আছে । ৰাষ্ট্ৰীয় সুৰক্ষা ফিল্টাৰৰ অৰ্থ এইটো নহয় যে কোনো সামগ্ৰী আহিব নোৱাৰে । ইয়াৰ অৰ্থ হৈছে ব্যৱসায়িক প্ৰস্তাৱত আমি কিছুমান ৰাষ্ট্ৰীয় সুৰক্ষা সংবেদনশীলতা মূল্যাংকন কৰিব লাগিব যিবোৰ তাত থাকিব পাৰে । চীনৰ ক্ষেত্ৰত সেই দেশৰ লোকসকলক ভাৰতত নিৰ্মাণ বা বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব ।

ভাৰতৰ উৎস, ভাৰতৰ পৰা ক্ৰয় আৰু য'ত সম্ভৱ হয় দীৰ্ঘম্যাদী চিন্তা কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু ভাৰতে চীনৰ সৈতে কাম কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা নাই বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে বিশ্ববাসীক আহ্বান জনাই কয় যে যদি ভাৰতীয় বিকল্প উপলব্ধ হয় তেন্তে তেওঁ ভাৰতীয় কোম্পানীবোৰৰ সৈতে কাম কৰাটো বিচাৰে ।

লগতে পঢ়ক :ভাৰতৰ চন্দ্ৰ অভিযানৰ কিয় প্ৰশংসা কৰিলে পাকিস্তানৰ সাংসদে ? - Pakistani Leader Syed Mustafa Kamal
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.