Youth of Assam death in Hyderabad: বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ যুৱকৰ

By

Published : Jul 5, 2023, 1:43 PM IST

thumbnail

যোৰহাট, ৫ জুলাই: বহিঃৰাজ্যত পুনৰ মৃত্যু হৈছে অসমৰ যুৱকৰ । দেৰগাঁৱৰ পৰা বহিঃৰাজ্যৰ বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰি থকা এজন যুৱকৰ মৃত্যুৱে সৃষ্টি কৰিছে ৰহস্যৰ । হাইদৰাবাদত কোম্পানীৰ চাকৰি কৰিবলৈ যোৱা দেৰগাঁৱৰ ধেমাজি চগুৰিৰ যুৱক পবিত্ৰ টাউডৰ আকস্মিক মৃত্যুক লৈ অঞ্চলজুৰি সৃষ্টি কৰিছে এক শোকাকুল পৰিৱেশৰ ।

যোৱা ২৯ জুনত দেৰগাঁৱৰ পৰা হাইদৰাবাদলৈ গৈছিল পবিত্ৰ । ৩ জুলাইত পবিত্ৰৰ পৰিয়ালক আৰক্ষীয়ে খবৰ দিয়ে যে ৰে'লৰ পৰা পৰি মৃত্যু হৈছে যুৱকজনৰ । কিন্তু পৰিয়াল তথা গাঁওবাসীয়ে মানি ল'ব পৰা নাই আৰক্ষীৰ এই খবৰ । আৰক্ষীয়ে প্ৰেৰণ কৰা ফটো চাই পৰিয়াল,গাঁওবাসীৰ মতে এয়া এক হত্যাকাণ্ডৰ  বাহিৰে অন্য একোৱে হ'ব নোৱাৰে ।

তাপৰ্যপূৰ্ণ যে পবিত্ৰৰ বিবাহপাশত আৱদ্ধ হোৱাৰ এবছৰ সম্পূৰ্ণ হৈছিলহে । হাইদৰাবাদৰ পৰা মৃতদেহ নিজ ঘৰলৈ আনিবলৈও সমস্যাত পৰিছে দুৰ্ভগীয়া এই দৰিদ্ৰ পৰিয়ালটোৱে । সেয়েহে পবিত্ৰ টাউডৰ পত্নীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় বিচাৰি আহ্বান জনাইছে," হিমন্ত মামা, মোৰ স্বামীৰ মৃতদেহটো ঘৰলৈ আনি দিয়ক । চাবলৈ বৰ মন গৈছে ।"

লগতে পঢ়ক :Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি ইউপিপিএলৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.