ETV Bharat / state

Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি ইউপিপিএলৰ

author img

By

Published : Jul 5, 2023, 12:44 PM IST

Constituency Delimitation 2023
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি ইউপিপিএলৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ দুই মেৰুত উপনীত ইউপিপিএল আৰু বিপিএফ ৷ কোকৰাঝাৰত বিপিএফৰ ধৰ্ণা কাৰ্যসূচীৰ বিপৰীতে ইউপিপিএলৰ আদৰণি কাৰ্যসূচী ৷ নিৰ্বাচন আয়োগ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনি ইউপিপিএল ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি ইউপিপিএলৰ

কোকৰাঝাৰ, 5 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনাই জিন্দাবাদ ধ্বনি কোকৰাঝাৰৰ ৰাজপথত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বিটিআৰত দুই প্ৰধান ৰাজনৈতিক দল ইউপিপিএল আৰু বিপিএফ দুই বিপৰীত মেৰুত অৱস্থান লোৱাৰ লগতে পৰস্পৰে পৰস্পৰৰ প্ৰতি বোকা ছটিওৱাৰ ৰাজনীতিত লিপ্ত হোৱা পৰিলক্ষিত হৈছে । লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতা কৰি তথা ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবীত বিপিএফে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে ইউপিপিএল দলে খচৰাক আদৰণি জনাই জিন্দাবাদ ধ্বনি দি সদৰ চহৰৰ আকাশ-বতাই মুখৰিত কৰি তুলিছে ।

উল্লেখ্য যে, লোকসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰনৰ খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তথা ওদালগুৰী লোকসভা সমষ্টি গঠনৰ দাবীত মঙলবাৰে বিপিএফৰ উদ্যোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুইঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিপিএফ দলৰ উক্ত ধৰ্ণা কাৰ্যসূচীৰ পিছতে ইউপিপিএল দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনাই কোকৰাঝাৰ চহৰৰে গান্ধী উদ্যানত আদৰণি কাৰ্যসূচীৰ আয়োজন কৰে । খচৰাত বিটিআৰত 15 টা বিধানসভা সমষ্টি আৰু লোকসভা সমষ্টিৰ সমৰ্থনত আনন্দ প্ৰকাশ কৰে ইউপিপিএলৰ নেতৃবৰ্গ আৰু কোকৰাঝাৰ বিধানসভা সমষ্টিবাসী তথা ইউপিপিএলৰ একাংশ ৰাইজ ।

আদৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰা ইউপিপিএলৰ নেতা-কৰ্মী আৰু সমৰ্থক সকলে নিৰ্বাচন আয়োগ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনি দি সদৰ চহৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে । ইয়াৰোপৰি, কোকৰাঝাৰ জিলাত পাঁচটা বিধানসভা সমষ্টি গঠনতো আনন্দ প্ৰকাশ কৰে নেতা-কৰ্মীসকলে । ইপিনে আদৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰা ইউপিপিএলৰ যুৱ নেতা তথা বিধায়ক লৰেন্স ইছলাৰীয়ে হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলক সমালোচনা কৰি কয় যে একমাত্ৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বিপিএফ দলে খচৰাৰ বিৰোধিতা কৰি আছে ।

নিৰ্বাচন আয়োগে সুন্দৰভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে খচৰা প্ৰস্তুত কৰি উলিওৱা বুলি দাবী কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে । উল্লেখ্য যে, আদৰণি কাৰ্যসূচীটোত ইউপিপিএলৰ উপ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, ইউপিপিএলৰ জিলা সাধাৰণ সম্পাদক অমূল্য সুত্ৰধৰ, যুৱ ইউপিপিএলৰ নেতা জনীল ব্ৰহ্ম সহ দলটোৰ কেইবাগৰাকী নেতৃবৰ্গ আৰু কোকৰাঝাৰ বিধান সভা সমষ্টিৰ প্ৰায় দুই শতাধিক ইউপিপিএলৰ সমৰ্থক উপস্থিত আছিল ৷

লগতে পঢ়ক : Constituency Delimitation 2023: ওদালগুৰি লোকসভা সমষ্টিৰ দাবীত অটল এবছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.