ETV Bharat / state

Constituency Delimitation 2023: ওদালগুৰি লোকসভা সমষ্টিৰ দাবীত অটল এবছু

author img

By

Published : Jul 4, 2023, 9:34 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত এবছুৰ উদ্যোগত বুদ্ধিজীৱী সভা ৷ মঙলবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সভা ৷ এবছুৰ সভাপতি দ্বীপেন বড়োৰ মতে ‘আমাক অন্ধকাৰত ৰাখি, আমাক সম্পূৰ্ণ প্ৰবঞ্চনাৰে, আমাক ভৰিৰে মোহাৰি এই খচৰা প্ৰস্তুত কৰিছে ৷’

Constituency Delimitation 2023
ওদালগুৰি লোকসভা সমষ্টিৰ দাবীত অটল এবছু

ওদালগুৰি লোকসভা সমষ্টিৰ দাবীত অটল এবছু

কোকৰাঝাৰ,4 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত এবছুৰ উদ্যোগত মঙলবাৰে কোকৰাঝাৰ জিলাত বুদ্ধিজীৱী সভা অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী আৰু এবছুৰ সভাপতি দ্বীপেন বড়োৰ লগতে বিভিন্ন বুদ্ধিজীৱী আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰে ৷

‘সম অধিকাৰ আমাক লাগিব ৷ আমাক অন্ধকাৰত ৰাখি, আমাক সম্পূৰ্ণ প্ৰবঞ্চনাৰে, আমাক ভৰিৰে মোহাৰি এই খচৰা প্ৰস্তুত কৰিছে ৷ ইয়াত কাৰ অভিসন্ধি আছে সেয়া আমি নাজানো ৷ আমাৰ অধিকাৰ আমাক দিব লাগে ৷ ওদালগুৰি নামেৰে এটা নতুন লোকসভা সমষ্টি হ’ব লাগে ৷ আমি পূৰ্বতে নিৰ্বাচন আয়োগক এই সন্দৰ্ভত স্মাৰক পত্ৰ দিছিলো কিন্তু পুনৰ সমষ্টি নিৰ্ধাৰণৰ খচৰাত নোলাল ৷ আমাক সমষ্টি লাগিবই ৷ বড়ো সকলে ৰাজনৈতিক অধিকাৰ পাব লাগে,সংবিধানে দিয়া ষষ্ঠ অনুসূচীত থকা ৰাজনৈতিক অধিকাৰ বড়ো সকলক দিবই লাগিব ৷ কোনো কাৰণতে এইসমূহ অধিকাৰৰ পৰা আমি বঞ্চিত নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে চৰকাৰে ৷ বড়োসকলৰ ইতিহাসক সন্মান, মৰ্যাদা দিয়াত চৰকাৰে কোনো কাৰণতে বঞ্চিত নকৰে যেন ৷ ’’ এই মন্তব্য এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷ আনহাতে বি পি এফৰ নেতা হাগ্ৰামা মহিলাৰীক সমোলোচনা কৰি কয়’’ আমি ইজনে সিজনলৈ বোকা ছটিওৱা ৰাজনীতি নকৰা ভাল ৷ মহিলাৰীৰ দৰে এবাৰ স্মাৰক পত্ৰ দি পুনৰ প্ৰত্যাহাৰ আমি কৰা নাই ৷’’

একেদৰে আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টি হওক বা ওদালগুৰি লোকসভা সমষ্টিতে হওক এজনেই বড়ো জনগোষ্ঠীৰ প্ৰাৰ্থী থিয় হ’বলৈ আহ্বান এবছু সভাপতি দ্বীপেন বড়োৰ ৷

লগতে পঢ়ক:Assamese medium controversy: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সিদ্ধান্ত সলনিৰ আহ্বান বড়ো সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.