Vishwakarma Puja 2023: বিশ্বকৰ্মা পূজাৰ মন্ত্ৰোচাৰণৰে মুখৰিত সমগ্ৰ ৰাজ্য

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 1:43 PM IST

Updated : Sep 18, 2023, 4:51 PM IST

thumbnail

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । বিশ্বৰ প্ৰথমজন অভিযন্তা হিচাবে বিবেচিত দেৱশিল্পী বিশ্বকৰ্মাৰ মন্ত্ৰোচাৰণৰে মুখৰ হৈছে সমগ্ৰ ৰাজ্য । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিধিসম্মতভাৱে আয়োজন কৰা হৈছে বিশ্বকর্মা পূজা । কল কাৰখানা, কাৰিকৰী প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী পৰিবহন খণ্ডত সমূহীয়াকৈ আৰু ব্যক্তিগতভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ আয়োজন কৰা হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো আয়োজন কৰা হৈছে পূজাৰ ।

পূজাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত উৎসাহ উদ্দিপনাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সজাই-পৰাই তোলা হৈছে পূজাস্থলীসমূহ । বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি বিভিন্ন স্থানত থিয়নাম, নাগাৰা নাম, ধৰ্মীয় গীত-মাত, সাংস্কৃতিক সন্ধিয়া আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । মহানগৰীত এইবাৰ বিশ্বকৰ্মা পূজাস্থলীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে ।

পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীৰ কামাখ্যা গেটত থকা বিশ্বকৰ্মা মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে । পুৱাৰে পৰা নিশা ১০ বজালৈ মন্দিৰত ১০-১৫ হাজাৰ ভক্তৰ সমাগম হ’ব বুলি আশা কৰিছে মন্দিৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক : Vishwakarma Puja 2023 : হৰি নাম পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ বিশ্বকৰ্মা পূজা

Last Updated : Sep 18, 2023, 4:51 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.