Vishwakarma Puja 2023 : হৰি নাম পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ বিশ্বকৰ্মা পূজা

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 11:00 AM IST

thumbnail

তেজপুৰ, ১৮ ছেপ্টেম্বৰ : আজি বিশ্বৰ খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৷ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ চহৰৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে এই পূজা-অৰ্চনা । বিশেষকৈ কাৰিকৰী দিশৰ লগত জড়িত সকলো চৰকাৰী-বেচকাৰী কাৰ্যালয়ত আয়োজন কৰা হৈছে এই পূজা ভাগৰ । বাদ পৰি ৰোৱা নাই সংবাদ মাধ্যমৰ লোকসকলো  ।

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সকলো সাংবাদিকে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আয়োজন কৰিছে এই বিশ্বকৰ্মা পূজাৰ । ধূপ-দ্বীপ-নৈবৈদ্যৰে শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবাক আৰাধনা কৰা হৈছে ৷ পুৰোহিতৰ বেদৰ মন্ত্ৰোচাৰণেৰে পুৱাৰ পৰা কৰি গৈছে পূজা ৷ ইয়াৰ সমান্তৰালকৈ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সাংবাদিকসকসকলে আয়োজন কৰিছে দিহানামো । অৰ্থাৎ একেখন মঞ্চতে পৃথকে পৃথকে আয়োজন কৰা হৈছে পূজা আৰু দিহানাম ।

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে আয়োজন কৰা এই পূজাস্থলীত পুৱাৰ পৰা এক আধ্যাত্মিকতাৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Rituals of Bishwakarma Puja : এইবৰ্ষত বিশ্বকৰ্মা পূজা কিয় ১৮ ছেপ্টেম্বৰত পালন কৰা হ’ব ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.