Junmoni Rabha Accident Case : ভাইৰেল হোৱা ফোন কল নিজৰ বুলি স্বীকাৰ আৰক্ষীৰ গাড়ীচালকৰ

By

Published : May 19, 2023, 10:43 AM IST

Updated : May 19, 2023, 12:18 PM IST

thumbnail

নগাঁও, ১৯ মে' : উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ গাড়ী দুৰ্ঘটনা আৰু মৃত্যুকাণ্ড ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে (Junmoni Rabha accident case) । জোনমণি দাসৰ মৃত্যু সন্দৰ্ভত নিতৌ নতুন নতুন তথ্য উন্মোচিত হৈ আছে । ইতিমধ্যে এই প্ৰসংগবোৰে জোনমণি দাসৰ দুৰ্ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি ইংগিত বহন কৰিছে ৷ (SI Junmoni Rabha mysterious accident) ।

অৱশ্যে এই সকলোবোৰ এতিয়াও কেৱল অনুমান মাত্ৰ। তাৰ মাজতে জোনমণি দাসৰ মৃত্যু সন্দৰ্ভত বৃহস্পতিবাৰে ভাইৰেল হৈছিল এটা চাঞ্চল্যকৰ ফোন কল ৰেকৰ্ডিং (Assam Police SI Junmoni Rabha killed in accident)। এই ভাইৰেল হোৱা কল ৰেকৰ্ডিংটো নিজৰ বুলি স্বীকাৰ কৰিছে আৰক্ষীৰ গাড়ীচালক অনিল ভূঞাই । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিছে আৰক্ষীৰ গাড়ীচালক অনিল ভূঞাই । তাৎপৰ্যপূৰ্ণভাৱে ফোন কলত নিজৰ মনৰ ধাৰণাহে উল্লেখ কৰাৰ কথা ক'লে অনিল ভূঞাই ।

উল্লেখ্য, বৃহস্পতিবাৰে ভাইৰেল হোৱা চাঞ্চল্যকৰ ফোনকলটোত আছিল বহু বিস্ফোৰক কথা । কিন্তু ফোনকলটোক লৈ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত বৃহস্পতিবাৰে নিশা মুখ খোলে আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ গাড়ীচালক অনিল ভূঞাই । ফোনত তেওঁ আন এগৰাকী ব্যক্তিৰ সৈতে নিজৰ মনৰ কথাখিনি পতা বুলিহে উল্লেখ কৰে অনিল ভূঞাই ।

লগতে পঢ়ক :SI Junmoni Rabha updates: জোনমণি ৰাভা সন্দৰ্ভত দুগৰাকী মহিলাৰ বিপৰীত ভাষ্য; কোন সঁচা কোন মিছা ?

Last Updated : May 19, 2023, 12:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.