ETV Bharat / state

SI Junmoni Rabha updates: জোনমণি ৰাভা সন্দৰ্ভত দুগৰাকী মহিলাৰ বিপৰীত ভাষ্য; কোন সঁচা কোন মিছা ?

author img

By

Published : May 17, 2023, 5:12 PM IST

Updated : May 19, 2023, 8:04 AM IST

SI Junmoni Rabha updates
SI Junmoni Rabha death case updates

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ অকাল মৃত্যুৰ ঘটনাই সমগ্র ৰাজ্যৰ ৰাইজৰ চকু থৰ কৰিছে । অবৈধ বেহা উৎখাত কৰাটোৱেই তেওঁৰ বাবে কাল হ’ল নেকি বুলিও চৰ্চা চলিছে । এনে ধৰণৰ চিন্তা-চৰ্চাৰ মাজতে লখিমপুৰৰ দুগৰাকী মহিলাৰ স্থিতিয়ে বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে (SI Junmoni Rabha death case updates)।

হাচিনা বেগম

লখিমপুৰ, ১৭ মে’: ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ অকাল মৃত্যুৰ ঘটনা । লখিমপুৰত দুগৰাকী মহিলাই জোনমণি ৰাভা সন্দৰ্ভত প্ৰদান কৰিছে বিপৰীত ভাষ্য । নকল সোণ, নকল টকাৰ বিৰুদ্ধে অভিযান চলোৱাটোৱেই কাল হ’ল নেকি জোনমণিৰ বাবে ? চৌদিশে উত্থাপন হৈছে এই প্ৰশ্ন । ইয়াৰ মাজতে সংবাদ শিৰোনাম দখল কৰিছে লখিমপুৰৰ দুগৰাকী মহিলাই (Junmoni Rabha death case updates)।

তথ্য অনুসৰি, জোনমণি ৰাভাই লখিমপুৰত নকল সোণ আৰু নকল টকাৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিছিল কেইজনমান লোকক ৷ পিচলৈ ছয় লাখ টকা দাবী কৰি কৰায়ত্ত কৰাসকলক এৰি দিয়া বুলি এজাহাৰ দাখিল কৰে আমিনা খাতুন নামৰ এগৰাকী মহিলাই । গোচৰটো পঞ্জীয়ন হ’লেও আৰক্ষীয়ে বিশেষ কাৰ্য ব্যৱস্থা গ্রহণ কৰাৰ পূৰ্বেই জোনমণি ৰাভাৰ অকাল মৃত্যু ঘটে (SI Junmoni Rabha death incident) ।

লগতে পঢ়ক: Junmoni Rabha: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু; হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ?

সংবাদ মাধ্যমত খবৰ বিয়পি পৰাৰ সময়তে প্ৰেক্ষাপটত ভুমুকি মাৰিছে নাওবৈচাৰ হাচিনা বেগম নামৰ আন এগৰাকী মহিলাই । তেওঁ দিয়া কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে এই সমগ্ৰ ঘটনাক আন এটা দিশলৈ ঠেলি দিছে । উল্লেখ্য যে, হাচিনা বেগমে দীর্ঘদিন ধৰি নকল সোণ, জাল নোট আদিৰ অবৈধ বেহাৰ বিৰুদ্ধে যুঁজ দি আহিছে । জোনমণি ৰাভাই লখিমপুৰত চলোৱা অভিযান তেওঁৰ সূত্র মতেই হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে হাচিনাই (SI Junmoni Rabha update news) ৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘নাওবৈচাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু নকল সোণ ব্যৱসায়ীয়ে জোনমণিক ভাবুকি প্ৰদান কৰিছিল । জোনমণি ৰাভাৰ জৰিয়তে নকল সোণ আৰু জালনোটৰ ব্যৱসায় কৰা চক্ৰটোক ময়েই ধৰাই দিছিলোঁ । ছহিদ-জাকিৰৰ পাৰ্টী আছিল । আজগৰ আলীও ইয়াত জড়িত আছিল ।’’ পাৰ্টীটো ধৰাই দিয়াৰ পাচত নাওবৈচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই 6 লাখ টকা দাবী কৰাৰ কথা জোনমণি ৰাভাই হাচিনাক কোৱা বুলি কয় (Fake gold smuggling in Assam)।

জোনমণি ৰাভাৰ উপৰি তেওঁকো এই পাৰ্টীটোৱে অত্যাচাৰ কৰাৰ কথা উল্লেখ কৰি হাচিনাই কয় যে, যোৱা দুই মে'ৰ দিনা এটা দলে তেওঁক অপহৰণ কৰিব খুজিছিল । আবু ছহিদ আৰু জাকিৰে তেওঁক ঘৰৰ পৰা নোলোৱাৰ বাবে ঘৰৰ দুৱাৰ খিৰিকী ভাঙি উঠাই নিবলৈ চেষ্টা কৰিছিল । খিৰিকীৰ গ্লাছেৰে ভৰাই দিয়া চোকা অস্ত্ৰৰ আঘাতত আহত হোৱা বুলি জানিবলৈ দিয়ে হাছিনাই (SI Junmoni Rabha news) ৷

লগতে পঢ়ক: SI Junmoni Rabha Death: জোনবাইৰ দেশলৈ গুচি গ’ল SI জোনমণি; মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি

লখিমপুৰ আৰক্ষীয়ে জোনমণিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বিষয়ে জোনমণিয়ে তেওঁক কোৱা বুলি উল্লেখ কৰি হাচিনাই কয়, ‘‘দুদিন পূৰ্বেও জোনমণিয়ে মোক ফোন কৰিছিল । জোনমণিয়ে মোক কোৱা মতে তেওঁ নকল সোণৰ ব্যৱসায়ী চক্ৰক ধৰিবলৈ যোৱাৰ বাবে লখিমপুৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰিছে । দুদিনৰ ভিতৰত তেওঁক জে'লত ভৰাব বা আন কিবা ব্যৱস্থা ল'ব বুলি সকীয়াই দিয়াৰ কথাও মোক কৈছিল ।’’

নাওবৈচাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জোনমণিক ভাবুকি দিছিল বুলিও হাচিনাই গুৰুত্বপূৰ্ণ অভিযোগ তোলে । এবছৰমান আগৰ পৰা জোনমণি ৰাভাক হাচিনাই চিনি পাইছিল আৰু অপৰাধী চক্ৰক ধৰাই দিয়াৰ বাবে জোনমণিয়ে হাচিনাৰ সৈতে ফোনেৰে যোগাযোগ কৰিছিল । জোনমণিয়ে লখিমপুৰলৈ আহি অপৰাধী চক্ৰক ধৰা পেলোৱাৰ পাচত তেওঁ নিৰাপত্তাহীনতাত ভোগাৰ কথা হাচিনাক ফোন যোগে জনোৱাৰ লগতে হাচিনাকো নিৰাপত্তাৰ খাতিৰতে তেওঁৰ সৈতে থাকিবলৈ মাতা বুলি হাছিনাই সদৰী কৰে ।

আমিনা খাতুনৰ জোনমণি বিৰোধী স্থিতিৰ বিপৰীতে হাচিনা বেগমৰ সপক্ষ স্থিতিয়ে ঘটনাটোক নতুন মোৰ দিছে । আনহাতে, নাওবৈচা চকীৰ আৰক্ষী বিষয়াজনে হাচিনাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ পোনচাটেই নাকচ কৰিছে । জোনমণি ৰাভাৰে তেওঁৰ কোনো ধৰণৰ কথা-বাৰ্তা হোৱা নাই আৰু এই সন্দৰ্ভত প্ৰয়োজন হ’লে তেওঁৰ কল ৰেকৰ্ড পৰীক্ষা কৰিবলৈও সংবাদ মাধ্যমক আহ্বান জনায় ।

জোনমণি ৰাভাই লখিমপুৰত আহি চলোৱা অভিযানৰ বিষয়ে স্থানীয় আৰক্ষীক একো জনোৱা নাছিল ৷ বৰং অভিযানৰ পাচতহে তেওঁলোকে এই বিষয়ে খবৰ লাভ কৰিছিল বুলি জানিবলৈ দিছে । জোনমণি ৰাভাৰ অকাল মৃত্যুৰ প্ৰসংগত এতিয়া এনে ভিন্ন প্ৰতিক্ৰিয়াই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

লগতে পঢ়ক: SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ

Last Updated :May 19, 2023, 8:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.