SI Junmoni Rabha Death: জোনবাইৰ দেশলৈ গুচি গ’ল SI জোনমণি; মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি

author img

By

Published : May 16, 2023, 8:56 PM IST

SI Junmoni Rabha Death

অকালতেই হেৰাই গ’ল এগৰাকী সাহসী আৰক্ষী বিষয়া । জোনবাইৰ দেশলৈ গুচি গ’ল জোনমণি । নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ চকীখন আজি উকা হৈ পৰিল (SI Junmoni Rabha Death) । আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুত শোকস্তব্ধ নগাঁও আৰক্ষী ৷ সামৰিক মৰ্যদাৰে জোনমণিক জনালে শেষ শ্ৰদ্ধা । এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ । জোনমণি ৰাভাৰ মাতৃয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ । ‘‘ছাৰ বাইদেউৱে হেঁচা দি মাৰি পেলালে । মোক চাকৰি নালাগে, মোক জোন লাগে ।’’ এই ভাষ্য জোনমণিৰ মাতৃৰ ৷

জোনবাইৰ দেশলৈ গুচি গ’ল SI জোনমণি

নগাঁও/কলিয়াবৰ, 16 মে’ : নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ চকীখন আজি উকা ৷ সেই চকীখনত বহিবলৈ আৰু কাহানিও নাহে SI জোনমণি ৰাভা ৷ সেইখন চকীত বহিয়েই অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই সোমবাৰে মাজনিশা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এছ আই জোনমণি ৰাভাই (SI Junmoni Rabha passes away)।

সোমবাৰে মাজনিশা নগাঁৱৰ জখলাবন্ধাত এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় জোনমণি ৰাভা (SI Junmoni Rabha Death in a accident) । জোনমণিৰ মৃত্যুৰ বাতৰিয়ে নগাঁও আৰক্ষীৰ লগতে নগাঁওবাসীকো শোকাৰ্ত কৰি তুলিছে । মঙলবাৰে পুৱা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত লৈ যোৱা হয় নগাঁও সদৰ আৰক্ষী থানালৈ । চকুত চকুপানী লৈ জোনমণিক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে থানাৰ আৰক্ষীয়ে ।

ইয়াৰ পিচতেই আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নশ্বৰদেহ লৈ যোৱা হয় নগাঁও আৰক্ষী ছাউনিৰ খেলপথাৰলৈ । তাতেই চালামী প্ৰদানেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় নগাঁও আৰক্ষীৰ তৰফৰ পৰা । জোনমণিৰ নশ্বৰ দেহক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰক্ষী অধীক্ষক লীনা দলেসহ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে (Last tribute to SI Junmoni Rabha in nagaon)।

লগতে পঢ়ক : SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ

খাকী পোচাক পিন্ধি কেৱল অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়াই নহয়, ভিন্ন ৰূপত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী উপ-পৰিদৰ্শক জোনমণিয়ে । মঙলবাৰে যিখন খেলপথাৰত জোনমণিক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়, মাত্ৰ কেইদিনমান পূৰ্বে সেই একেখন খেলপথাৰতে নগাঁও আৰক্ষীয়ে আয়োজন কৰা মুকলি বিহুত অংশগ্ৰহণ কৰি কেৱল বিহু গীত পৰিৱেশনেই নহয় বিহু নাচিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল সদ্য প্ৰয়াত জোনমণিয়ে । আন এখন বহু মঞ্চতো সম্বৰ্ধনা লাভ কৰি এইদৰে বিহু গীত গাইছিল জোনমণি ৰাভাই ।

এনে এগৰাকী আৰক্ষী বিষয়াৰ হঠাৎ পথ দুর্ঘটনাত মৃত্যু হোৱা ঘটনাক সহজভাৱে যেন ল'ব পৰা নাই পৰিয়ালৰ লোকে । নগাঁৱৰ আৰক্ষী ছাউনিত উপস্থিত হোৱাৰ সময়ত হিয়া ঢাকুৰি কান্দি কোনোবা ছাৰ বাইদেউৱে হেঁচা দি জোনমণি ৰাভাক মাৰি পেলোৱাৰো বিস্ফোৰক অভিযোগ তুলিছে কৰিছে মাতৃয়ে ।

নিহত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মাতৃয়ে উত্থাপন কৰা এনে কিছু বিস্ফোৰক অভিযোগৰ পিচতেই বিভিন্ন মহলত অৱতাৰণা হৈছে নানা প্ৰশ্নৰ । সঁচাকৈয়ে কাৰোবাৰ হেঁচা আছিল নেকি জোনমণি ৰাভাৰ ওপৰত ? জোনমণি ৰাভাৰ মৃত্যুত আছে নেকি কিবা ৰহস্য ? নে জোনমণি ৰাভাৰ মৃত্যু এক স্বাভাৱিক দুৰ্ঘটনা ! নিৰপেক্ষ তদন্তৰ অন্তত উন্মোচিত হ’ব নে জোনমণিৰ মৃত্যুৰহস্য ?

লগতে পঢ়ক : SI Junmoni Rabha passes away: জোনমণি ৰাভাৰ মৃত্যুত শোকাৰ্ত গড়মূৰ আৰক্ষী থানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.