SI Junmoni Rabha : নিশা কোন আৰক্ষী বিষয়াই জোনমণিৰ ঘৰৰ পৰা জব্দ কৰিছিল এক লাখ টকা? মাতৃৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ

By

Published : May 16, 2023, 2:15 PM IST

thumbnail

নগাওঁ, 16 মে’ : পথ দুৰ্ঘটনাত নিহত নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ । জোনমণি ৰাভাৰ নশ্বৰদেহ নগাঁও আৰক্ষী ছাউনিলৈ অনাৰ পিচত জীয়ৰীৰ নশ্বৰ দেহৰ কাষত ৰাউচি জুৰি কান্দিছে জোনমণি ৰাভাৰ মাতৃৰ লগতে পৰিয়ালৰ লোকে । কান্দোনত ভাগি পৰা মাতৃগৰাকীয়ে নিশাৰ ভাগত জোনমণি ৰাভাৰ বাসগৃহত আৰক্ষী বিষয়াই অভিযান চলাই এক লাখ টকা জব্দ কৰাৰ কথাও উল্লেখ কৰে (SI Junmoni Rabha ) ৷ 

কিন্তু কিয় কি কাৰণত দুৰ্ঘটনা সংঘটিত হোৱাৰক পিচতে আৰক্ষীয়ে জোনমণি ৰাভাৰ গৃহত অভিযান চলায় সেয়া এতিয়াও পোহৰলৈ অহা নাই । অৱশ্যে পৰিয়ালৰ লোকৰ এই ভাষ্যই ৰহস্যঘন কৰি পেলাইছে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুক ৷  জোনমণি ৰাভাৰ আত্মীয়ই জোনমণিৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই । এতিয়া আৰক্ষীৰ তদন্তৰ পিচতহে সম্পূৰ্ণ সত্য পোহৰলৈ আহিব (SI Junmoni Rabha accident is in mystery) 

লগতে পঢ়ক : SI Junmoni Rabha: শােকাৱহ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.