দ্বিতীয় পৰ্যায়ত বিজেপিয়ে এখন আসনত তীব্ৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হৈছে : মুখ্যমন্ত্ৰী - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 6:12 PM IST

thumbnail

বৰপেটা, ২৭ এপ্ৰিল: কালি অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ পাঁচটা সমষ্টিৰ চাৰিটাত জয়লাভ কৰিব বুলি মন্তব্য় কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আজি বৰপেটা জিলাৰ সৰ্থেবাৰীত আয়োজিত এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য় কৰে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰচাৰ চলায় ।  

এই প্ৰচাৰ সভাৰ পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অসমত পাঁচটা সমষ্টিতে জয়লাভ কৰিব । অৱশ্য়ে দ্বিতীয় পৰ্যায়ৰ এটা সমষ্টিত কিছু প্ৰত্যাহ্বান আছে বুলি তেওঁ কয় যদিও এই সমষ্টিটোৰ নাম উল্লেখ নকৰিলে । সৰ্থেবাৰীৰ পূজাৰ খোলাত অনুষ্ঠিত নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত চৰকাৰৰ বিভিন্ন আচঁনিৰ লাভালাভৰ বিষয়ে উল্লেখ কৰে ।

আগন্তুক দিনত চৰকাৰৰ আৰু অধিক কাম কৰিবলৈ আছে বুলি উল্লেখ কৰি চলিত বিত্তীয় বৰ্ষৰ ভিতৰত পুনৰ পঞ্চাশ হাজাৰ চৰকাৰী পদত নিযুক্তি দিয়া হ'ব বুলি কয় । নৰেন্দ্ৰ মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ৰাইজক ভোটদানৰ বাবেও আহ্বান জনায় ।

লগতে পঢ়ক:ৰাজেন গোঁহাইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পোষকতা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.