হৃদয়হীন মাতৃয়ে পৰিত্যক্ত স্থানত পেলাই থৈ গ'ল নৱজাতকক - Baby Rescued In Titabar

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 7:24 PM IST

thumbnail

তিতাবৰ,২৭ এপ্ৰিল: তিতাবৰত পোহৰলৈ আহিছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । কোনো হৃদয়হীন মাতৃয়ে নিজৰ অপযশ ঢাকিবলৈ চাহ বাগিচাৰ পৰিত্যক্ত অঞ্চলত পেলাই থৈ গ'ল এটি নৱজাতকক । তিতাবৰ টাইৰুণ চাহ বাগিচা অঞ্চলত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা । জীৱিত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে নৱজাতক ল'ৰা সন্তানটি । শনিবাৰে বিয়লিৰ ভাগত বাগিচাখনৰ মাজত কান্দি থকা অৱস্থাত নৱজাতকটিক দেখা পাই স্থানীয় লোকে প্ৰথমে বাগিচাৰ হাস্পতাললৈ প্ৰেৰণ কৰি প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে ।  

ইফালে স্থানীয় আৰক্ষীক খবৰ দিয়াত বান্দৰচলিয়া আৰক্ষী চকীৰ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে কোনে কি কাৰণত নৱজাতকটি তেনেকৈ পেলাই থৈ গ'ল জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে শনিবাৰেই জন্ম হোৱা বুলি সন্দেহ কৰা দেৱ শিশুটিৰ উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতেললৈ প্ৰেৰণ কৰা হয় । 

লগতে পঢ়ক: নাহৰকটীয়াত খাৱৈত উদ্ধাৰ নৱজাতক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.