নাহৰকটীয়াত খাৱৈত উদ্ধাৰ নৱজাতক

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:40 PM IST

thumbnail

মৰাণ, 23 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা । মঙলবাৰে নাহৰকটীয়াৰ গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ সমীপৰ এটা খাৱৈত উদ্ধাৰ কৰা হৈছে এটি নৱজাতক কন্যা শিশু । কোনো লোকে পলিথিনৰ বেগত শিশুটো ভৰাই পেলাই থৈ গৈছিল । 

লগে লগে, স্থানীয় লোকে শিশুটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে শিশুটি উদ্ধাৰ কৰি নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিশুটো উদ্ধাৰ কৰিছে ৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে । 

আনহাতে চিকিৎসকে বৰ্তমান শিশুটি সুস্থ বুলি নিশ্চিত কৰিছে । চিকিৎসকে জানিবলৈ দিয়া মতে আজিৰ দিনটোতেই জন্ম হৈছে শিশুটি । এতিয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব যে, কিয় খাৱৈত নৱজাতকটো পেলাব লগা হ'ল  ৷ এই ঘটনাই নাহৰকটীয়া অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: লখিমপুৰত দুৰ্বৃত্তই ফালিলে পোষ্টাৰ, এজাহাৰ দাখিল জিলা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.