Brahmaputra Erosion: মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উপাধ্যক্ষৰ

By

Published : Jul 2, 2023, 6:25 PM IST

thumbnail

মাজুলী, ২ জুলাই: ব্ৰহ্মপুত্ৰ ব’ৰ্ডে মাজুলীৰ সুৰক্ষাৰ বাবে বছৰ বছৰ ধৰি কাম কৰি আহিছে যদিও আজি পৰ্যন্ত নদীদ্বীপটোক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে । যোৱা ১১ জুনত উপায়ুক্তসকলৰ লগত হোৱা ভিডিঅ' কনফাৰেন্সিঙৰ সময়ত মুকলিকৈ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল মন্ত্ৰী পীযূষ হাজৰূকাই । 

ইয়াৰ পাচতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ পৰা মাজুলী সুৰক্ষাৰ কাম প্ৰত্য়াহাৰ কৰিব লাগে বুলি নিৰ্দেশ দিয়াৰ পাচতে মাজুলীত উপস্থিত হয় ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ উপাধ্যক্ষ শ্বেৰ সিং।  

মাজুলীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উপাধ্যক্ষগৰাকীয়ে মাজুলীৰ বিভিন্ন খহনীয়া অঞ্চল পৰিদৰ্শন কৰে । এই খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি উপাধ্যক্ষগৰাকীয়ে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে কৰা কামক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰগৰাকীক সঠিক তথ্য নিদিয়া বাবে মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰা বুলিহে তেওঁ কয় । ইয়াৰ পূৰ্বে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ বিষয়া কৰ্মচাৰীয়ে নাৱেৰে খহনীয়া অঞ্চল পৰিদৰ্শন কৰে । 

লগতে পঢ়ক:100 years of Majuli police station : 100 বছৰ সম্পূৰ্ণ কৰিলে মাজুলী আৰক্ষী থানাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.