100 years of Majuli police station : 100 বছৰ সম্পূৰ্ণ কৰিলে মাজুলী আৰক্ষী থানাই

By

Published : Jul 2, 2023, 2:20 PM IST

thumbnail

মাজুলী, 2 জুলাই : মাজুলী আৰক্ষী থানাই ভৰি দিলে 100 বছৰত । 1923 চনত স্থাপন হৈছিল জিলাখনৰ কমলাবাৰীত অৱস্থিত মাজুলী আৰক্ষী থানাই ৷ এইখনেই হ’ল জিলাখনৰ প্ৰথমখন থানা । থানাখনৰ শতবৰ্ষৰ সৈতে সংগতি ৰাখি অহা তিনি জুলাইৰ দিনা দিনজোৰা কাৰ্যসূচীৰে থানাখনৰ শতবৰ্ষ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী থানা কৰ্তৃপক্ষই । যাৰ বাবে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে মাজুলী থানা খন । 

গাঁওৰক্ষী বাহিনী আৰু আৰক্ষী লোকসকলৰ লগতে স্থানীয় ৰাইজৰ সহযোগত দিনত নাম আৰু নিশালৈ শংকৰ মাধৱ নাট্যগোষ্ঠী ৰাজগুৰুবাৰী শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ব এখনি ভাওনা । অহা 3 জুলাইত থানাখনত অনুষ্ঠিত হ’বলগীয়া শতবাৰ্ষিকী কাৰ্যসূচীত মাজুলীৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে মাজুলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক :  Akhil Gogoi Challenges to Assam CM : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অখিল গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.