Akhil Gogoi Challenges to Assam CM : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অখিল গগৈৰ

By

Published : Jul 2, 2023, 10:01 AM IST

thumbnail

ডিব্ৰুগড়, 2 জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী । শনিবাৰে লাহোৱালত সমষ্টি বিলুপ্তিকৰণক লৈ অনুষ্ঠিত হৈছে প্ৰতিবাদী সভা । এই প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় । 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয়, 'অখিল গগৈয়ে নিৰ্বাচন খেলিবলৈ কোনো নিৰ্দিষ্ট সমষ্টিৰ প্ৰয়োজন নাই । অসমৰ যিকোনো সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলেও জিকিব পাৰিম । প্ৰয়োজন হ'লে হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰিম ।' তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ  খিলঞ্জীয়া মানুহক জালুকবাৰীৰ পৰা আঁতৰাই হিন্দু-বাঙালী মানুহক লৈ জালুকবাৰী সমষ্টি গঠন কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক : Tree plantation at Dhemaji DIET : সেউজ পৃথিৱীৰ বাবে একাংশ বিদায়ী শিক্ষাৰ্থীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.