Vande Bharat Express: গৰুক খুন্দা মাৰি নলবাৰীত বন্দে ভাৰত এক্সপ্ৰেছ ক্ষতিগ্ৰস্ত

By

Published : Jul 8, 2023, 9:38 PM IST

thumbnail

নলবাৰী, 8 জুলাই: পুনৰ বন্দে ভাৰত এক্সপ্ৰেছত অঘটন ৷ এইবাৰ এই ঘটনা সংঘটিত হৈছে নলবাৰীত ৷ নলবাৰী ৰে’লৱে ষ্টেচনৰ সমীপত শনিবাৰে আবেলি প্ৰায় 5 বজাত ৰে’লখনে লাইনত থকা গৰুক খুন্দা মৰাৰ ফলত সন্মুখভাগৰ ক্ষতি সাধন হয় ৷ ৰে’লখনৰ সন্মুখভাগৰ এটা অংশ এৰাই যায় ৷ ইয়াৰ লগে লগেই ৰে’লখন ৰখাই পৰ্যৱেক্ষণ কৰে ৰে’লৱেৰ এটা দলে ৷ ৰে’লখনৰ সন্মুখৰ এৰাই যোৱা অংশটো সংলগ্ন কৰাৰ পাচতহে পুনৰ যাত্ৰা আৰম্ভ কৰা হয় ৷ উল্লেখ্য যে গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি অভিমুখী আছিল চুপাৰ ফাৰ্ষ্ট এক্সপ্ৰেছখন ৷  

উল্লেখ্য যে উত্তৰ-পূব অঞ্চলৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ২৯ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় মুকলি কৰিছিল। মন কৰিবলগীয়া যে দেশত বন্দে ভাৰত ৰে’ল সেৱা আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে একাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ ৰে’লৱে ট্ৰেকত থকা জন্তুক খুন্দা মৰাৰ ফলতে বিভিন্ন স্থানত ৰে’লখনত ক্ষতি সাধন হৈ আহিছে ৷  

লগতে পঢ়ক: এজাক ম’হে ভাঙি পেলালে ভাৰত এক্সপ্ৰেছৰ ইঞ্জিন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.