ETV Bharat / bharat

এজাক ম’হে ভাঙি পেলালে ভাৰত এক্সপ্ৰেছৰ ইঞ্জিন

author img

By

Published : Oct 6, 2022, 6:17 PM IST

Updated : Oct 6, 2022, 7:00 PM IST

দুৰ্ঘটনাত পতিত গুজৰাটৰ মুম্বাই চেণ্ট্ৰেল আৰু গান্ধীনগৰৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছ (Vande Bharat express meets accident with a herd of buffaloes) ৷ ফলত ক্ষতিগ্ৰস্ত হয় ট্ৰেইনখনৰ ইঞ্জিন ৷

Vande Bharat express meets accident
Vande Bharat express meets accident

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: গুজৰাটৰ মুম্বাই চেণ্ট্ৰেল আৰু গান্ধীনগৰৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত (Vande Bharat express) ৷ বৃহস্পতিবাৰে ম’হৰ জাক এটাত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই ঘটনা (Mumbai Central) ৷

জানিব পৰা মতে, পুৱা প্ৰায় ১১.১৫ বজাত ভাট্ৱা আৰু মণিনগৰ ষ্টেচনৰ সমীপত এজাক ম’হ ৰে’ল লাইনৰ ওপৰেৰে পাৰ হোৱা সময়তে ইফালৰ পৰা আহি থকা ৰেলখনে খুন্দা মাৰে ৷ ফলত ৰে’লৰ সন্মুখৰ এটা অংশ সম্পূৰ্ণ ৰূপে ভাঙি পেলায় (Vande Bharat express meets accident with a herd of buffaloes) ৷ ফলত ক্ষতিগ্ৰস্ত হয় ট্ৰেইনখনৰ ইঞ্জিন ৷

পশ্চিম ৰে’লৱেৰ জ্যেষ্ঠ পি আৰ অ জে কে জয়ন্তই জনোৱা তথ্য অনুসৰি, অৱশ্যে দুৰ্ঘটনাৰ ফলত ৰে’ল সেৱাত কোনো ধৰণৰ প্ৰভাৱ পৰা নাই । যদিও কিছুদিনৰ বাবে বাতিল কৰা হৈছে ৰে’ল যাত্ৰা ৷

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল দেশবাসীৰ বাবে উপহাৰ দিছিল । মুম্বাইৰ পৰা আহমেদাবাদলৈ যোৱা পথত চলি আছে এই অৰ্ধ হাই স্পীড ৰে’লখন ।

লগতে পঢ়ক: Miraculous escape : দুৰ্ঘটনাৰ 12 ঘণ্টা পিছত মাতৃৰ বুকুত জীৱন্তে উদ্ধাৰ শিশু

Last Updated :Oct 6, 2022, 7:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.