Road accident: বৰপেটাৰোডত শোকাৱহ পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 9:02 PM IST

thumbnail

বৰপেটাৰোড,৫ অক্টোবৰ: বৰপেটাৰোডৰ শিমলাগুৰিত সংঘটিত হয় এক শোকাৱহ কৰুণ ঘটনা ৷ নতুন বাহন ক্ৰয় কৰিয়েই নিজৰ চাৰিজন বন্ধুৰ সৈতে আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ উভতি অহাৰ সময়ত এক ভয়ংকৰ পথ দূৰ্ঘটনাত দুজন বন্ধুৱে প্ৰাণ হেৰুওৱাৰ লগতে আন তিনিজন বন্ধু গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছে ৷ সৰভোগৰ আহোম পথাৰৰ দুজনকৈ চফল ডেকাই অকালতে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া এই কৰুণ ঘটনাই সৰভোগৰ লগতে সমগ্ৰ বৰপেটা জিলাতেই গভীৰ শোকৰ ছাঁ পেলাইছে ৷  

বুধবাৰে নিৰ্মল দাসে সপোনৰ সেই এল্ট কে টেন বাহনখন ক্ৰয় কৰিছিল ৷ বাহনখন ক্ৰয় কৰি হাউলীৰ আত্মীয়ৰ ঘৰলৈ নিশা চাৰিজন বন্ধুৰ সৈতে আনন্দৰে ফুৰিব গৈছিল ৷ কিন্ত নিৰ্মল দাসৰ এই আনন্দ দীঘলীয়া নহ'ল ৷ মাজনিশা বন্ধুবৰ্গৰ সৈতে সৰভোগৰ নিজ গৃহাভিমুখে আহি থকাৰ সময়ত জীৱনলৈ নামি আহিল ঘোৰ অমানিশা । ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰিত উৰণ সেঁতু নিৰ্মাণৰ কাম চলি থকা ঘাইপথত AS28 C9035 নম্বৰৰ এখন ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হৈ নিৰ্মল দাসে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে জিতুমণি ৰয় নামৰ আন এগৰাকী বন্ধুক চিকিৎসালয়লৈ নিয়াৰ পথত আদবাটতে মৃত্যু ঘটে ৷  

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন তিনিজন ক্ৰমে জিতুমনি ৰয়, দ্বীপজ্যোতি ৰয় আৰু জুয়েলজ্যোতি ৰয়ক বৰপেটা মেডিকেল কলেজত ভৰ্ত্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পাছত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷  

লগতে পঢ়ক: Terrible Road Accident in Barpeta: বৰপেটাৰোডৰ শিমলাগুৰীত ডাম্পাৰ-অল্ট’ৰ মুখামুখি সংঘৰ্ষ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.