Terrible Road Accident in Barpeta: বৰপেটাৰোডৰ শিমলাগুৰীত ডাম্পাৰ-অল্ট’ৰ মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 1:20 PM IST

thumbnail

বৰপেটাৰোড, 5 অক্টোবৰ : বৰপেটাৰোডৰ শিমলাগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী ডাম্পাৰে এখন অল্ট’  বাহন মহতিয়াই নিয়ে ৷ ফলত দুজনকৈ যুৱক নিহত হোৱাৰ লগতে আন তিনিজনকৈ যুৱক আহত হৈছে ৷ আহত যুৱকসকলক সংকটজনক অৱস্থাত বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হয় ৷ 

পথ দুৰ্ঘটনাত নিহত যুৱক দুজন ঋতুমণি ৰয় আৰু নিৰ্মল দাস বুলি জানিব পৰা গৈছে ৷ আনহাতে গুৰুতৰভাৱে আহত হোৱা লোক তিনিজন ক্ৰমে জিতুমণি ৰয়,দ্বীপজ্যোতি ৰয় আৰু জুয়েলজ্যোতি ৰয় ৷

ঘটনা অনুসৰি সৰভোগৰ আহোম পথাৰৰ যুৱক কেইজনে অল্ট’ বাহনেৰে হাউলীৰ পৰা সৰভোগ অভিমুখে গৈ আছিল ৷ তেনে সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰীত নিৰ্মাণ হৈ থকা উৰণ সেতুৰ সমীপতে বিপৰীত দিশৰ পৰা অহা ডাম্পাৰে খুন্দা মাৰে অল্ট’ বাহনখনত ৷ ডাম্পাৰখনৰ নাম্বাৰ হৈছে AS-28C-9035 ৷ আনহাতে দুৰ্ঘটনাত আহতসকলৰ ভিতৰত এজন যুৱকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Operation against Child Marriage : সৰভোগ আৰক্ষী থানা চৌহদত শোকাকুল পৰিৱেশ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.