Boat Competition In Nalbari: পাগলাদিয়াৰ পাৰত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

By

Published : Aug 21, 2023, 2:10 PM IST

thumbnail

নলবাৰী, ২১ আগষ্ট: আধুনিককতাৰ ধামখুমীয়া তথা যান্ত্ৰিকতাৰ প্ৰয়োভৰত সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ্ৰামাঞ্চলৰ পৰাম্পৰাগত নাওখেল । হেৰাই যাবলৈ ধৰা এই পৰম্পৰাগতা নাওখেলক ধৰি ৰখাৰ প্ৰয়াসেৰে নলবাৰীৰ ২ নং লোহাৰকাঠাত পাগলাদিয়া নদীৰ পাৰঘাটত অনুষ্ঠিত কৰা হৈছে নাওখেল প্ৰতিযোগিতা ।

দেওবাৰে দীপজ্যোতি সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত ১৫ তম বাৰ্ষিক নাওখেল প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই । এই নাওখেল প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ ১০ টা নাওখেলৰ দলে অংশগ্ৰহণ কৰে ।

প্ৰতিযোগিতাখনৰ ৰোমাঞ্চকৰ ফাইনেল খেলখনত "মা ৰূপহী" আৰু ‘দীনদয়াল’ দলৰ মাজত অনুষ্ঠিত হয় । ফাইনেল খেলখনত "মা ৰূপহী" দলে জয়লাভ কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । দেওবাৰে আয়োজিত এই প্ৰতিযোগিতাখন চাবলৈ পাগলাদিয়া নদীৰ দুয়ো পাৰত হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Boat race: বৰপেটাৰ তাপাৰবড়িত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.