Boat race: বৰপেটাৰ তাপাৰবড়িত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

By

Published : Aug 20, 2023, 8:25 PM IST

thumbnail

বৰপেটা, ২০ আগষ্ট: ৰাজ্যখনৰ পৰম্পৰাগত খেলসমূহৰ ভিতৰত নাওখেল অন্যতম ৷ বিশেষকৈ বৰপেটাত নাওখেলৰ আছে এক বিশেষ আকৰ্ষণ ৷  পূৰ্বৰ পৰাই নাওখেল আৰু নাওখেলৰ গীতে বৰপেটাৰ মানুহক আকৰ্ষিত কৰি আহিছে ৷ পূৰ্বৰ দৰে সত্ৰনগৰী বৰপেটাত নাওখেল অনুষ্ঠিত নহয় যদিও বৰপেটাৰ বিভিন্ন গাঁৱত আজিও পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে নাওখেল ৷ দেওবাৰে বৰপেটাৰ তাপাৰবড়ি গাৱত মৰমী পথাৰ পৰিচালনা সমিতিৰ উদ্যোগত বৃহৎ নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

তাপাৰবড়ি গাঁৱৰ কাষেৰে বৈ যোৱা চাউলখোৱা নৈত অনুষ্ঠিত নাওখেল চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হয় ৷ নাওখেল উপভোগৰ বাবে চাউলখোৱা নৈৰ দুয়োপাৰে সৃষ্টি হয় অভাৱনীয় ভিৰ ৷ হাজাৰ হাজাৰ দৰ্শকৰ হাতচাপৰি, সমৰ্থন আৰু বঠাৰ চাবত প্ৰাণ পাই উঠে চাউলখোৱা নৈৰ দুয়োপাৰ ৷ বিশেষকৈ বৰপেটা, সৰুক্ষেত্ৰী আৰু চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লোক নাও খেল উপভোগ কৰাৰ বাবে তাপাৰবড়িত উপস্থিত হয় ৷

উত্তৰপাৰ আৰু দক্ষিণপাৰ অঞ্চলৰ কেবাটাও নাওখেল দলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৷ আয়োজক সমিতিয়ে স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত এই প্ৰতিযোগিতাৰ জৰিয়তে নাওখেলৰ পৰম্পৰা জীয়াই ৰখাৰ বাবে চেষ্টা চলাব বুলি কয় ।

লগতে পঢ়ক:Talent Hunt Competition in Sivasagar: প্ৰতিভা সন্ধানী পৰীক্ষাৰ নামত ধন সংগ্ৰহ কৰি উধাও বেদান্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.