Boat competition in Nalbari: পাগলাদিয়া নদীত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 11:34 AM IST

thumbnail

নলবাৰী,১০ ছেপ্টেম্বৰ: নামনি অসমৰ অন্যতম জনপ্ৰিয় খেল হৈছে পৰাম্পৰাগত নাও খেল । সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা এই পৰম্পৰাগত নাও খেলক ধৰি ৰখাৰ প্ৰয়াসেৰে নলবাৰীৰ আদাবাৰীত পাগলাদিয়া নদীৰ বুকুত অনুষ্ঠিত কৰা হয় নাও খেল প্ৰতিযোগিতা । স্থানীয় সজাগতা যুৱ মঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা নাও খেল প্ৰতিযোগিতাখনত ভিন্ন প্ৰান্তৰ ১০ টাকৈ নাও খেলৰ দলে অংশ গ্ৰহণ কৰে ।  

উল্লেখযোগ্য যে- চলিত বৰ্ষৰ ২৭ আগষ্টত আয়োজন কৰা হৈছিল নাওখেল প্ৰতিযোগিতাখন । উক্ত দিনাই খেল আৰম্ভণি কৰাৰ পিছত প্ৰতিকূল বতৰৰ বাবে আধাতে স্থগিত ৰাখিবলগীয়া হৈছিল উদ্যোক্তা সমিতিয়ে । স্থগিত ৰখাৰ পিছত আধৰুৱা খেলসমূহ শনিবাৰে পুনৰ আয়োজন কৰা হয় । প্ৰতিযোগিতাখনৰ ৰোমাঞ্চকৰ ফাইনেল খেলখনত দীপজ্যোতি আৰু দীনদয়াল দলৰ মাজত অনুষ্ঠিত হয় ।  

ফাইনেল খেলখনত দীনদয়াল দলে জয়লাভ কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । পাগলাদিয়া নদীৰ দুয়ো পাৰত হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰে ৰোমাঞ্চকৰ নাও খেল প্ৰতিযোগিতাখন । অঞ্চলটোত প্ৰতি বছৰে নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি পৰম্পৰাগতা নাও খেলক ধৰি ৰখাৰ প্ৰয়াস কৰাৰ লগতে নাও খেলৰ জৰিয়তে সকলোৰে মাজত সমন্বয় আৰু ভাতৃত্ববোধ অটুট ৰাখাৰ প্ৰয়াস কৰা বুলি কয় উদ্যোক্তাসকলে । 

লগতে পঢ়ক: Illicit love affair: পত্নীৰ প্ৰিয় বান্ধবীৰ সৈতে পৰকীয়া প্ৰেম; পত্নীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.