ETV Bharat / state

Illicit love affair: পত্নীৰ প্ৰিয় বান্ধবীৰ সৈতে পৰকীয়া প্ৰেম; পত্নীৰ আত্মহত্যা

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 10:43 AM IST

Wife commits suicide due to her husbands illicit love affair
পত্নীৰ প্ৰিয় বান্ধবীৰ সৈতে পৰকীয়া প্ৰেম; পত্নীৰ আত্মহত্যা

অবৈধ প্ৰেমেই কাল নমাই আনিলে এখন সংসাৰলৈ । স্বামীৰ পৰকীয়া প্ৰেম আখ্যান দেখি, সহ্য কৰিব নোৱাৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে পত্নীয়ে । মহানগৰীৰ জ্যোতিনগৰস্থিত গণেশ নগৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা । পত্নীৰ প্ৰিয় বান্ধবীৰ সৈতেই পৰকীয়া প্ৰেমৰ সম্পৰ্ক গঢ়িছিল নিতুল ৰাজবংশী নামৰ লোকজনে ।

পত্নীৰ প্ৰিয় বান্ধবীৰ সৈতে পৰকীয়া প্ৰেম; পত্নীৰ আত্মহত্যা

গুৱাহাটী,১০ ছেপ্টেম্বৰ: মহানগৰীত চাঞ্চল্যকৰ ঘটনা । স্বামীৰ লীলা সহ্য কৰিব নোৱাৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে পত্নীয়ে । শনিবাৰে মহানগৰীৰ জ্যোতিনগৰস্থিত গণেশ নগৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা । বান্ধবীৰ সৈতে স্বামীৰ পৰকীয়া প্ৰেমৰ কথা জানিব পাৰি নিজ বাসগৃহতে চিপ লৈ আত্মহত্যা কৰে সংগীতা বৰা নামৰ মহিলাগৰাকীয়ে । পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে সংগীতা বৰাৰ মৃতদেহ ।

জানিব পৰা মতে স্বামী নিতুল ৰাজবংশী আৰু সংগীতাৰ বান্ধৱীৰ মাজত যোৱা প্ৰায় ৬ মাহৰ পৰা অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । পৰিয়াল তথা স্থানীয় লোকে জনোৱা অনুসৰি সংগীতাৰ বান্ধবীও এগৰাকী বিবাহিত মহিলা । স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল সংগীতাাৰ বান্ধবীগৰাকীৰ । বিবাহ বিচ্ছেদ হোৱাৰ পিছৰে পৰা সংগীতাৰ স্বামী নিতুলৰ লগত গভীৰ হৈছিল প্ৰেমৰ সম্পৰ্ক ।

আনহাতে নিতুল প্ৰায়েই পত্নী সংগীতাক এৰি সংগীতাৰ বান্ধবীৰ লগত সময় পাৰ কৰিছিল বুলিও অভিযোগ উত্থাপন কৰে পৰিয়াালৰ লোকে । প্ৰায়েই ঘৰলৈ নহাকৈ আছিল স্বামী নিতুল । এই কথা জানিব পাৰি পত্নী সংগীতাই বাৰে বাৰে স্বামীক এই অবৈধ সম্পৰ্ক ত্যাগ কৰিবলৈ আহ্বান জনাইছিল । পিছে পত্নীৰ অনুৰোধ, আহ্বানৰ প্ৰতি কোনো কানসাৰ দিয়া নাছিল স্বামী নিতুলে ।

যাৰ পৰিণতিত সংগীতা বৰাই এনে এক চৰম সিদ্ধান্ত বাচি ল’বলৈ বাধ্য হোৱা বুলি আত্মীয় তথা পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । ইফালে আত্মহত্যাৰ পূৰ্বে সংগীতাই Voice MSG যোগে স্পষ্টকৈ স্বামী নিতুলৰ এই কু-কীৰ্তিৰ কথা কৈ থৈ গৈছিল পৰিয়ালক । ঘটনা সন্দৰ্ভত সংগীতাৰ পৰিয়ালে চান্দমাৰী থানাত ইতিমধ্যে দাখিল কৰিছে এখন এজাহাৰ । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিতুল ৰাজবংশীক সোধা পোচ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Mock Drill in Guwahati: বামুণীমৈদামৰ বিজি য়াৰ্ডত ভাৰতীয় ৰে’ল বিভাগৰ মকড্ৰিল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.