TMC Meets in Cachar: হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ‘বেয়া মন্ত্ৰী’ কোন ? সুস্মিতা দেবে কাক ‘বেয়া’ বুলি ভাবে ?

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:16 AM IST

thumbnail

কৰিমগঞ্জ, 11 ছেপ্টেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ দেওবাৰে কাছাৰৰ বৰাখলাত তৃণমূল কংগ্ৰেছৰ দলীয় কৰ্মী সভা অনুষ্ঠিত হয় ৷ বৰাজাত্ৰপুৰ প্ৰেক্ষাগৃহত সমবেত হয় শতাধিক তৃণমূল কংগ্ৰেছ কৰ্মী । সভাত অংশ গ্ৰহণ কৰে সুস্মিতা দেবসহ টি এম চিৰ শীৰ্ষ নেতৃত্ব ৷ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি সুম্মিতা দেবে ভাষণ প্ৰসংগত কয় ,‘‘ প্ৰধানমন্ত্ৰীয়ে  বিৰোধীক ভয় কৰে । ফলত দেশৰ নাম সলনি কৰিবলৈ  চেষ্টা কৰিছে । 2024 ৰ নিৰ্বাচনত শেষ হ’ব বিজেপি । INDIA মিত্ৰজোঁট দেখি ভয় খাইছে বিজেপিয়ে ৷’’

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি দেবে কয় যে,  ৰাইজৰ কথা শুনাৰ পৰিৱৰ্তে ‘বেয়া মন্ত্ৰী’সকলৰ কথা শুনি মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণত বৰাকত কোনো অশান্তি নাই বুলি দাবী কৰিছে । মুখ্যমন্ত্রীয়ে খেলপথাৰলৈ গ’লেহে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ জনতাৰ মাজত থকা আৱেগখিনি বুজিব ৷ 

লগতে পঢ়ক: Financial scam: ১৪ লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ গোচৰৰ দুবছৰৰ পাচত জিপি সম্পাদকক গ্ৰেপ্তাৰ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.